অসমৰ সাংস্কৃতিক ক্ষেত্ৰ উকা কৰি অজান দেশলৈ গ’লগৈ বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী। নিশা গুৱাহাটীৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে শিল্পীগৰাকীৰ।
জানিব পৰা মতে কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পী নন্দ বেনাৰ্জী। দেওবাৰে অকস্মাতে অসুস্থ অনুভৱ কৰাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। অসমৰ সংগীত জগতলৈ অনন্য অৱদান আছিল বেনাৰ্জীৰ। নন্দ বেনাৰ্জীৰ মৃত্যু অসমীয়া সংগীত ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি।
বহু চিনেমাৰ সমান্তৰালকৈ থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা অন্তিমখন ছবি আছিল জনকনন্দিনী। উল্লখ্য যে ১৯৫৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল নন্দ বেনাৰ্জীয়ে।