অখীল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট লেখক যতীন গোস্বামীৰ দেহাৱসান। তেওঁ অসম সাহিত্য সভাৰো প্ৰাক্তন উপ-সভাপতি আছিল গুৱাহাটীৰ নৱগ্ৰহত আজি পুৱা গোস্বামীৰ দেহাৱসান হয়।
স্বাধীনতা সংগ্ৰামী গোস্বামীয়ে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছিল। ইয়াৰোপৰি অসমীয়া ভাষাৰ লিপিক লৈ প্ৰণালিবদ্ধ অধ্যয়ন কৰিছিল তেওঁ। গোস্বামীৰ মৃত্যুত ৰাজ্যৰ বিদ্বান মহলত গভীৰ শোকৰ ছাঁ পৰিছে।