কালি শিৱসাগৰ আৰক্ষীয়ে কুখ্যাত অপৰাধী বুবু কোঁৱৰক গুলীয়াই হত্যা কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি
গেলেকীৰ কিছু নিলগত আৰক্ষীৰে হোৱা সংঘৰ্ষত বুবু কোঁৱৰ গুৰুতৰভাৱে আহত হয়।পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও তাৰ মৃত্যু ঘটে।
উল্লেখ্য যে আৰক্ষীয়ে চলাই থকা অভিযানত ধৰা পৰা বুবু কোঁৱৰে পলায়নৰ চেষ্টাৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।ইয়াৰ প্ৰত্যুত্তৰতেই আৰক্ষীয়েও গুলীচালনা কৰে।
নিহত বুবুৰ পৰা আৰক্ষীয়ে এটা পিষ্টল উদ্ধাৰ কৰে।
উল্লেখ্য যে কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ বিৰুদ্ধে উজনিৰ বিভিন্ন থানাত ৰুজু হৈ আছে দুকুৰিৰো অধিক গোচৰ।