এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে এইবাৰ পুনৰ বিস্ফোৰক অভিযোগ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাৰ।এ পি ডব্লিউৰ তৰফৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে,”ৰাষ্ট্রীয় নাগৰিপঞ্জী উন্নীতকৰণ প্রক্রিয়াত এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাই একাংশ দেশদ্রোহী অবৈধ বিদেশীৰ ৰক্ষকৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰিছিল।
এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোটবেংক হিচাপে ব্যৱহৃত থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যদা দি এন আৰ চিৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছিল প্রতীক হাজেলা।আমাৰ বিভিন্ন এজাহাৰৰ ওপৰত তদন্তকাৰী বিষয়াই যথেষ্ট পৰিমাণে তথ্য প্রমাণ সাজু কৰাৰ পাছতো আগৰ চৰকাৰৰ গৃহ বিভাগৰ প্রতীক হাজেলাৰ ওপৰত হাত দিবলৈ কলিজা নহল।
ইয়াৰ অন্যতম কাৰণ হল আমি দুবছৰ আগতেই কৈ থোৱা গৃহ বিভাগত এৰি যোৱা প্রতীক হাজেলাৰ শাখা প্রশাখাবোৰ।এই শাখা প্রশাখা বোৰে হাজেলাৰ বিৰূদ্ধে যোৱা প্রতিটো তদন্তৰ ফাইল দিশপুৰত গাপ দি ৰাখিছিল।”
এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাই লগতে কয় যে,,ই এক সু পৰিকল্পিত সু নিয়ন্ত্রিত ষড়যন্ত্ৰ।প্রতীক হাজেলা ইয়াৰ নায়ক।এয়া এক দেশদ্রোহী অপৰাধ।আশা কৰিছো নতুন মূখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ত হস্তক্ষেপ কৰি প্ৰয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ এক বিশেষ তদন্তকাৰী গোট তৈয়াৰ কৰি পুংখানুপুংখ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য ৰাইজৰ পোহৰলৈ আনিব।