ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। ১৩ গৰাকীলৈ বৃদ্ধি পাইছে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা। মঙলবাৰৰ দিনটোত ১৭ গৰাকী ৰোগীৰ দেহত ধৰা পৰিল জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ।
ইয়াৰে কামৰূপ মহানগৰত এজন, নগাঁৱত ২জন, শিৱসাগৰত ৩জন, ধেমাজি ২জন, ধুবুৰীত এজন, শোণিতপুৰত ২জন আৰু যোৰহাট জিলাত ৬ গৰাকী আক্ৰান্ত। দিনটোত মৃত্যু হোৱা ৰোগীৰ সংখ্যা মুঠ ৩ জন। চলিত মাহটোত এতিয়ালৈ ১১৫ গৰাকী লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত। ইয়াৰ বিপৰীতে মাহটোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩গৰাকী।