শিশু-কিশোৰ, মহিলাসকলক পুষ্টিহীনতাৰ পৰা মুক্ত কৰিবলৈ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে পশ্চিম গুৱাহাটীৰ ৰাণী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত নতুন বাটাবাৰী চক্ৰৰ সৌজন্যত দুৰ্গম পাহাৰীয়া অঞ্চল তথা কাৰ্বি জনজাতীয় লোকৰ বসতি প্রধান পাহাম গাঁৱত অৱস্থিত গড়গাঁও অংগনৱাড়ী কেন্দ্ৰত ২৯ ছেপ্টেম্বৰত পোষণ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে গড়গাঁও নিবাসী নবীন চন্দ্ৰ তাৰোৱে। ৰাণী নতুন বাটাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ ছুপাভাইজাৰ মঞ্জুৰাণী ৰাভা, , জালুকপাহাম কেন্দ্ৰৰ সভাপতি লক্ষণ তাৰো, নাংতাৰি কেন্দ্ৰৰ বেয়ন বে, ডেকাপথাৰ গাঁৱৰ বলেশ্বৰ ৰাভা, ববিতা চৌধুৰী, ভাগ্য লতা দাস, সুনিতা মাৰাক আৰু অঞ্চলবাসী উপস্থিত থাকে। পোষণ মাহ উপলক্ষে শিশু আৰু মাতৃৰ পুষ্টিকৰ আহাৰ সন্দৰ্ভত এক প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্রতিযোগিতাৰ জৰিয়তে পুষ্টিকৰ খাদ্য প্ৰস্তুতৰ বাবে মাতৃসকলৰ অধিক আগ্রহ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা হয়।
উল্লেখযোগ্য যে লখৰা গড়ভঙা হৈ ২১ কিল’মিটাৰ নিলগৰ দুৰ্গম অঞ্চলত অৱস্থিত এই গড়গাঁও। ২০১৪ চনত আৰম্ভ হোৱা এই অংগনৱাড়ী কেন্দ্ৰটোৰ গৃহটো আজিলৈকে নির্মাণ নহ’ল। এই দুর্গম পাহৰুৱা অঞ্চলটোত চলি আছে ৭টা অংগনৱাড়ী কেন্দ্র। অথচ কেন্দ্ৰকেইটাৰ আন্তঃগাঁথনি যথেষ্ঠ দুর্বল। স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অনেক আবেদন-নিবেদন কৰিও ৰাইজে সুফল নাপালে বুলি অভিযোগ কৰিছে। ফলত একোখন টিনৰ চালিৰ তলতে চলি আহিছে কেন্দ্ৰ সমূহৰ কাম-কাজ।