গুৱাহাটী মহানগৰৰ পেট্ৰ’ল ডিপোসমূহে সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈয়ে ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে তেল কোম্পানীসমূহে। মহানগৰৰ প্ৰতিটো তেল ডিপোত ইতিমধ্যে উপলব্ধ হ’ল ই বি পি। পেট্ৰ’লত ১০ শতাংশ ইথানেল মিহলি কৰাৰ সপক্ষে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এই বিষয়টোক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কও সৃষ্টি হৈছিল।
উল্লেখ্য যে, তেল ডিপো সমূহে ই বি পি লোৱাৰ ক্ষেত্ৰত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰালৈকে নোলাৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু তেল ডিপোসমূহৰ এই সিদ্ধান্তক মানি নলৈ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে ই বি পি অৰ্থাৎ ইথানল মিহলি পেট্ৰ’ল লবলৈ বাধ্য কৰালে। ইণ্ডিয়ান অইল, হিন্দুষ্টান পেট্ৰ’লিয়াম কৰ্তৃপক্ষক পূৰ্বৰে পৰা তেল ডিপোসমূহৰ মালিক পক্ষই ই বি পিৰ বাবে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছিল আৰু কোম্পানীসমূহেও ই বি পি যোগান ধৰাৰ পূৰ্বেই এই সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে তেল কোম্পানীসমূহে।
বৰ্তমান গুৱাহাটীৰ তেল ডিপো সমূহে অনিচ্ছা স্বত্বেও ই বি পি গ্ৰহণ কৰিবলৈ বাধ্য হ’ল বুলি তেল ডিপোসমূহৰ মালিক পক্ষই জানিবলৈ দিছে। তেল ডিপোসমূহৰ আণ্ডাৰগ্ৰাউণ্ড টেংক সমূহত যাতে কোনো কাৰণতে তেল সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ দায়িত্ব আছিল তেল কোম্পানীসমূহৰ।
আনহাতে, ইথানেল মিহলোৱা তেলত পানী মিশ্ৰণ হলে এলাৰ্ট দিব পৰাকৈ এটা মেচিন তেল কোম্পানীসমূহে প্ৰতিটো ডিপোত স্থাপন কৰিছিল যদিও সেই মেচিন সমূহ ১০০ শতাংশ কাৰ্যকৰী হোৱা নাই।