প্লগিং হ’ল এক পৰ্যাৱৰণ অনুকূল সক্ৰিয়তা যাৰ জৰিয়তে মানুহে জগিং কিম্বা খৰতকীয়াকৈ খোজ কঢ়াৰ পৰত পেলনীয়া বস্তু কিম্বা পথৰ দাঁতিৰ আৱৰ্জনা পৰিস্কাৰ কৰে আৰু লগতে নিজৰ স্বাস্থ্যৰো যতন লয়।
২০১৬ চনত এই সক্ৰিয়তা আৰম্ভ কৰিছিল চুইডেনৰ এৰিক এলষ্টৰ্মে।
অইল ইণ্ডিয়া লিমিটেড
(গুৱাহাটী)য়েও প্লগিং চেলেঞ্জ আৰম্ভ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হ’ল মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰা, লগতে মানুহক এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত কৰোৱা।
ইয়াৰ জৰিয়তে মানুহক নিজৰ চৌপাশ পৰিস্কাৰ- পৰিচ্ছন্ন কৰি ৰাখিবলৈ উৎসাহিত কৰাৰ লগতে অইনৰ সৈতে প্ৰতিযোগিতাৰ মাধ্যমত নিজৰ স্বাস্থ্যৰ যতন ল’বলৈও অনুপ্ৰাণিত কৰা হ’ব।অধিক মানুহক প্ৰক্ৰিয়াটোত জড়িত কৰাৰ উদ্দেশ্যে চাইক্লিঙকো অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ই প্লগিং চেলেঞ্জক বৈশিষ্ট্যপূৰ্ণ কৰে।
অৱশ্যেই সাম্প্ৰতিক ক’ভিড পৰিস্থিতিত সমূহীয়াভাৱে শাৰীৰিক ব্যায়ামৰ পৃষ্ঠপোষকতা কৰা নাযায়।সেইবাবেই এইক্ষেত্ৰত ভাৰ্চুৱেল চেলেঞ্জৰ ব্যৱস্থা কৰা হৈছে।খোজ কঢ়া,দৌৰা আৰু চাইকেল চলোৱা- – – এই তিনিটা পদ্ধতিৰ মাধ্যমত মানুহে চেলেঞ্জত অংশ ল’ব পাৰিব।অংশগ্ৰহণকাৰীয়ে নিজৰ সুবিধা অনুসৰি যিকোনো দূৰত্ব নিৰ্ধাৰণ কৰি ল’ব পাৰে।যিকোনো পথ নিৰ্বাচন কৰি তেওঁলোকে খোজ কাঢ়িব,দৌৰিব অথবা চাইকেল চলাব পাৰে।পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ তেওঁলোকে সক্ৰিয়তাত ভাগ ল’ব পাৰে।অৱশ্যেই তেওঁলোকে কাৰ্ফিউৰ সময়ত ওলাই যাব নোৱাৰিব।
এয়া হ’ল দৈনিক সক্ৰিয়তা।এয়া আৰম্ভ হ’ব ৪ জুলাইত আৰু সমাপ্তি ঘটিব ১৫ জুলাইত।যিকোনো স্থান কিম্বা অঞ্চলৰ পৰা অংশগ্ৰহণকাৰীসকলে যাত্ৰা আৰম্ভ কৰিব পাৰে।তেওঁলোকে একেটা পথেৰেই প্ৰতিদিনে যাব পাৰে।ইয়াত অংশ ল’বলৈ প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব।এই ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া।১২বছৰৰ উৰ্ধৰ যিকোনো লোকে ইভেণ্টত অংশ ল’ব পাৰে।ৰেজিষ্ট্ৰেশ্যনৰ পিছত অংশগ্ৰহণকাৰী এজনে এটা STRAVA CLUB ত যোগ দিব লাগিব। এই ক্লাবৰ নাম Guwahati Ploggers। এই ক্লাবৰ উল্লেখিত ইভেণ্টত যোগ দি তেওঁলোকে স্বনিৰ্বাচিত সক্ৰিয়তাত অংশ ল’ব পাৰিব।সক্ৰিয়তাৰ সময়ত তেওঁলোকে ৰাস্তাৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰিব আৰু সেইসমূহ ডাষ্টবিনত পেলাব।তেওঁলোকে নিজৰ কামৰ ফোটো অথবা ভিডিঅ’ সংগ্ৰহ কৰিব।তেওঁলোকে এই ফোটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত কিছুমান বিশেষ #SwachhataPakhwada আৰু #OilGuwahatiPlog2021) ব্যৱহাৰ কৰি আপলোড কৰিব যাতে অধিক মানুহ অংশগ্ৰহণৰ বাবে আকৰ্ষিত হয়। পিছত তেওঁলোকে এই সকলোবোৰ তথ্য এখন গুগল ফৰ্মত সন্নিৱিষ্ট কৰিব আৰু পইণ্ট লাভ কৰিব।
অংশগ্ৰহণকাৰীৰ সক্ৰিয়তাৰ মান নিৰূপণৰ অৰ্থে পইণ্ট ভিত্তিক ব্যৱস্থাটো প্ৰস্তুত কৰা হৈছে।এগৰাকী অংশগ্ৰহণকাৰীয়ে এটা দিনত সৰ্বাধিক ১০ পইণ্ট আহৰণ কৰিব পাৰে।ইয়াৰ বাবে প্ৰতিটো ষ্টেপ সফলতাৰে সমাপ্ত কৰিব লাগিব।প্ৰতিযোগিতাৰ অন্তত সৰ্বাধিক পইণ্ট প্ৰাপক গৰাকী বিজয়ী ঘোষিত হ’ব।নিয়মীয়া লিডাৰ বৰ্ড অৰ্থাৎ অংশগ্ৰহণকাৰীৰ স্থানৰ টেবল এখন এই পইণ্টৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ’ব আৰু সেয়া শ্বেয়াৰ কৰা হ’ব।
বঁটাসমূহ শীৰ্ষৰ তিনিগৰাকী জ্যেষ্ঠ আৰু এগৰাকী কনিষ্ঠক প্ৰদান কৰা হ’ব।প্ৰতিটো সক্ৰিয়তাৰ পৰা এজনক জ্যেষ্ঠ চেম্পিয়ন হিচাপে ঘোষণা কৰা হ’ব।সকলো সক্ৰিয়তাৰ মাজৰ পৰা এগৰাকীক জুনিয়ৰ চেম্পিয়ন বাচনি কৰা হ’ব।প্ৰত্যকে সক্ৰিয়তাৰ শীৰ্ষৰ আঠগৰাকীকৈ অংশগ্ৰহণকাৰীক আৰু শীৰ্ষৰ ছয়গৰাকী কনিষ্ঠ অংশগ্ৰহণকাৰীক এটাকৈ টি চাৰ্ট প্ৰদান কৰা হ’ব।সকলো বিজয়ী আৰু অংশগ্ৰহণকাৰীক ই- চাৰ্টিফিকেট দিয়া হ’ব।
এই ইভেণ্ট পৰিচালনা কৰিছে এক সামাজিক প্ৰতিষ্ঠানে যাৰ নাম হ’ল Pedal For Change ।ৰেজিষ্টাৰ কৰিবলৈ https://www.pedalforachange.org/plogging লিংকটো ক্লিক কৰক।
এই লিংকৰ জৰিয়তেই আপোনালোকে সবিশেষ জানিব পাৰিব।