ভাৰতত এই পৰ্যন্ত ৬৫৩ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে।দিল্লীত সৰ্বাধিক ১৬৭ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে ১৬৫ গৰাকী। দৈনিক অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে দেশত ক’ৰোনা তৃতীয় লহৰৰ আশংকাও ঘনীভূত হৈছে। দেশত দ্ৰুতগতিত বিয়পি পৰা ক’ৰোনা সংক্ৰমণৰ ডেল্টা আৰু ওমাইক্ৰন ভেৰিয়েণ্টক লৈ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ দ্বিতীয়খন পত্ৰ লিখিছে। ৰাজ্যসমূহক অমিক্ৰন ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য সেৱাসমূহ শক্তিশালী কৰাৰ পদ্ধতিত দ্ৰুতগতিত কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অক্সিজেন যোগান প্ৰকল্প আৰু সেইবোৰৰ স্থাপন আৰু কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছে।সকলো জৰুৰী ঔষধ মজুত ৰাখিবলৈও নিৰ্দেশ দিছে।