মণিপুৰত এজন বিদেশী প্ৰত্যাৱৰ্তনকাৰীৰ শৰীৰত ধৰা পৰিছে অমিক্ৰন ভাইৰাছ। উত্তৰ-পূবত তেওঁৰ দ্বাৰাই প্ৰথম প্ৰৱেশ কৰিছে উক্ত ভয়ংকৰ ভাইৰাছটো।
অমিক্ৰন ধৰা পৰা ব্যক্তিজনৰ বয়স ৪৮ বছৰ আৰু তেওঁ তাঞ্জানিয়াৰ পৰা উভতি আহিছিল। তেওঁ ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাৰ বাসিন্দা।
লোকজনক ২১ ডিচেম্বৰত ক’ভিড-১৯ৰ বাবে ইতিবাচক পৰীক্ষা কৰা হৈছিল আৰু বৰ্তমান ইম্ফলৰ JNIMSত চিকিৎসাধীন হৈ আছে। ইফালে, ভাৰতত অমিক্ৰন ৰোগীৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পাইছে।