সোমবাৰে দেশত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে আৰম্ভ কৰা টিকাকৰণ অভিযানৰ ফলাফল যথেষ্ট উৎসাহজনক আছিল। প্ৰথম দিনাই ৪০ লাখৰো অধিক কিশোৰ-কিশোৰীক টিকাকৰণ কৰা হৈছে। এইটোৱে দৈনিক ভেকছিনৰ সংখ্যাও বৃদ্ধি কৰিছে আৰু দিনটোৰ শেষলৈ পুনৰ এক কোটি অতিক্ৰম কৰাৰ ওচৰত আছিল। মধ্য প্ৰদেশত কিশোৰ-কিশোৰীসকলৰ টিকাকৰণত শীৰ্ষত আছে, য’ত প্ৰথম দিনাই প্ৰায় ৭.৫ লাখ কিশোৰ-কিশোৰীক টিকাকৰণ কৰা হৈছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই বয়সৰ প্ৰায় ৪৮ লাখ যুৱক-যুৱতীৰ টিকাকৰণ ২০ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অসমতো প্ৰথম দিনটোতেই লক্ষাধিক কিশোৰ- কিশোৰীক ভেকচিন প্ৰদান কৰা হয়।
CoWin পৰ্টেলৰ মতে, দেশত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ মুঠ ৭.৪ কোটি যুৱক আছে। তেওঁলোকৰ প্ৰায় ৫০ লাখ লোকে সোমবাৰে সন্ধিয়াৰ ভিতৰত ভেকছিনটো সম্পন্ন কৰিবলৈ পঞ্জীয়ন কৰিছে।