পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হোৱা বিশেষ জনসেৱা পষেকত শণিবাৰে ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত মহানগৰীৰ বহু বাহনৰ গৰাকীৰ ঘৰত উপস্থিত হয় বিভাগৰ বিষয়া-কৰ্মীৰ দল৷ কালি স্বয়ং উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে বাহনৰ গৰাকীৰ কাষত নিজে উপস্থিত হৈ নথিপত্ৰ বিষয়ক সমস্যাৰ ঠিতাতে সমাধান কৰাৰ অন্তত শণিবাৰে কাৰ্যালয়লৈ ফোনযোগে অহা অনুৰোধ,আবেদনৰ সংখ্যা আছিল সৰ্বাধিক।
সেয়ে গণেশগুৰি, হাতীগাঁও, ডাউন টাউন, সৰুমটৰীয়া আদি গুৰুত্বপূৰ্ণ স্থানসমূহত বিভিন্ন বাহনৰ গৰাকীৰ গৃহত পুৱাৰ ভাগতে গৈ উপস্থিত হয় বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল। বাহনৰগৰাকীৰ কাষত উপস্থিত হৈয়ে অনলাইনযোগে যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰ আদায় দিব নোৱাৰাকে ধৰি বাহনৰ নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰে।
ইফালে যানবাহনৰ কৰ-কাটলসমূহ সময়মতে পৰিশোধ নকৰাত নথি-পত্ৰ নৱীকৰণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ দিশতো উল্লেখ কৰি কৰ অনাদায়ী বাহনৰ গৰাকীসকলক শীঘ্ৰে কৰমুক্ত হ’বলৈ আহ্বান জনাই ডিমাণ্ড নটিছ প্ৰেৰণ কৰে। শনিবাৰে বাহনৰ গৰাকীৰ ঘৰে ঘৰে উপস্থিত হোৱা বিষয়া কৰ্মীৰ দলটোত আছিল ক্ৰমে জোনালী পাটোৱাৰী, ৰীণাৰানী ডেকা, নৱজ্যোতি বৈশ্য আৰু আব্দুল হামিদ।
অহা ৩১মাৰ্চলৈকে চলিবলগীয়া জনসেৱা পষেকৰ সময়চোৱাত বাহনৰ কৰকাটল পৰিশোধ কৰাকে ধৰি নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সন্দৰ্ভত অবগত কৰি ঘৰতে বহি পৰিবহণৰ বিষয়া কৰ্মীৰ সেৱা লাভ কৰিবলৈ ৯১২৭২-০৬৮০৩, ৮৮২২৭-৫৫৭৩৮, ৯১০১০-২৯০৩০ আৰু ৮৪৮৬২-৩৩১৫০নম্বৰত যোগাযোগ কৰিবলৈ উপ-পৰিবহণ আয়ুক্ত গৌতম দাসে বাহনৰ সন্মানীয় গৰাকীৰ প্ৰতি আহ্বান জনাইছে।