শোণিতপুৰ জিলাৰ দুমডুমাত ক’ৰোনাৰ প্ৰতিষেধক লৈ মৃত্যুক আঁকোৱালি লবলগীয়া হল অনন্ত হালৈ নামৰ এজন লোকে ।
জানিব পৰা অনুসৰি অনন্ত হালৈ নামৰ লোকজনে ওচৰৰে স্বাস্থ্য কেন্দ্ৰত লৈছিল ক’ৰোনা প্ৰতিষেধক।
তাৰ পিছত অসুস্থ হৈ পৰিছিল অনন্ত হালৈ।
নিশা বহুত বেছি অসুস্থ হোৱাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল হালৈক ।
তাৰ পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশাই মৃত্যুক আঁকোৱালি লৈছে অনন্ত হালৈয়ে।
Photo Credit: Google