এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত।
আজি পুৱা কৰ্তব্য পালনৰ সময়তে জংগলৰ পৰা ওলাই অহা এটা গঁড়ে আক্ৰমণ কৰে বনকৰ্মী অনিমেশ ডেকাক।
গঁড়ৰ আক্ৰমণত থিতাতে নিহত হয় অনিমেশ ডেকা।
জানিব পৰা অনুসৰি অনিমেশ ডেকাই বিগত ১০ বছৰ ধৰি মানাহ ৰাষ্ট্রীয় উদ্যানত কৰ্মৰত আছিল।
বনকৰ্মী অনিমেশ ডেকাৰ ঘৰ বজালী জিলাৰ ভবানীপুৰ ডেকাপাৰাত বুলি জানিব পৰা গৈছে।
মাত্ৰ ২মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল অনিমেশ ডেকা।অনিমেশ ডেকাৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
Photo Credit :Google