চৰকাৰী সৌভাগ্য আঁচনিৰ জৰিয়তে বিজুলি সংযোগ লাভ কৰা ধুবুৰীৰ গোলকগঞ্জ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত আলোকঝাৰী গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালে লাভ কৰিছে প্ৰায় ৯০ হাজাৰ টকাৰ বিদ্যুতৰ বিল।
বিলখন পায়ে মূৰে-কপালে হাত দিছে পৰিয়ালটোৱে।
দিন হাজিৰা কৰি এটা পৰিয়াল চলোৱা জবেদা বেওৱা নামৰ হিতাধিকাৰগৰাকীয়ে বিদ্যুতৰ বিল পালে ৮৮,৩০১ টকা।
ঘৰৰ মুৰব্বী জবেদা বেওৱাই ক’লে যে, ৭ বছৰ পূৰ্বে সৌভাগ্য আঁচনিৰ জৰিয়তে বিজুলি সংযোগ লাভ কৰিছিল৷
তেওঁলোকে ঘৰত মাত্ৰ জ্বলাই দুটাকৈ লাইট।
প্ৰতিমাহে তেওঁলোকৰ সৰ্বাধিক বিল আহে মাত্ৰ ৮০ টকা।
তেওঁলোকে নিয়মীয়াভাৱে বিলো পৰিশোধ কৰি আহিছে।
কিন্তু ডেৰ বছৰ ধৰি পৰিয়ালটোৱে লাভ কৰা নাছিল বিদ্যুতৰ বিল।
কিন্তু ইমান দিনৰ মূৰত বিলৰ পৰিমান দেখি মূৰৰ ওপৰত সৰগ ভাগি পৰিছে।
কিন্তু লক্ষ্যণীয় বিষয়টো হৈছে যে এয়া আচলতে কাৰ ভুল? বিদ্যুৎ বিভাগৰ নে অইন কিবা…
Photo: Headline8