- বৰাগাঁৱত ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু।
- স্তব্ধ যাতায়ত ব্যৱস্থাৰ বাবে বন্ধ ঘোষণা শিক্ষানুষ্ঠান।
- গুৱাহাটী মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ পৰীক্ষা বাতিল।
- জু ৰোডত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ সুৰক্ষা বেৰ উটুৱাই নিলে বান পানীয়ে।
- পুনৰ বানপানীত ডুব গ’ল এ আই ডি চি।
- মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিলে হেল্প লাইন নম্বৰ। গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ নম্বৰ- ৯৫০৮২০৯৬৮৬, দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০২৯৯৮৪ নম্বৰত অথবা প্ৰশাসনৰ টোল ফ্ৰী নম্বৰ ১০০৯ আৰু ৯৩৬৫৪২৯৩১৪ এই নম্বৰত যি কোনো অসুবিধআৰ বাবে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই।
- অনিল নগৰত খহি পৰিল ভৰলুৰ গাৰ্ড ৱাল। পূৰ্বৰে পৰা খহি আছিল এই গাৰ্ড ৱাল। আজি পুনৰ জোনালীৰ সমিপত গাৰ্ড ৱাল খহি পৰাত ভৰলুৰ পানী উফন্দি অনিল নগৰ, তৰুণ নগৰ, নবীন নগৰকে ধৰি একাধিক অঞ্চল বুৰাই পেলাইছে।
- উত্তৰ গুৱাহাটীতো ভূমিস্খলন। কথমপি প্রাণ ৰক্ষা জাইকা পানী প্রকল্পৰ কেইবাজনো শ্রমিকৰ।
- নগাঁৱৰ দিশেৰে অহা গুৱাহাটী অভিমুখী বাহন সমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰাৰ লগতে তেজপুৰ, মঙ্গলদৈ দিশৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহো জালুকবাৰী অঞ্চলত আবদ্ধ হৈ পৰিছে। ফলত দুয়োটা দিশৰ ৰাজপথত হাজাৰ হাজাৰ বাহন ভৰি পৰিছে।
- কামাখ্যালৈ যোৱা পথত ভূমিস্খলন। পাহাৰৰ পৰা বাগৰি পৰিছে প্ৰকাণ্ড শিল। প্ৰশাসনে বন্ধ কৰি দিছে কামাখ্যালৈ যোৱা পথ।
- নৱগ্ৰহত ব্যাপক ৰূপত ভূমিস্খলন। খহি পৰিছে গাৰ্ড ৱাল।
- চানমাৰি, অনুৰাধা, বামুণীমৈদাম, নুনমাটিকে ধৰি একাংশ অঞ্চলত শুকাইছে কৃত্ৰিম বান। অৱশ্যে পুনৰ বৰষুণ আৰম্ভ হোৱাত এই স্থানত আকৌ কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
- অনিল নগৰত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ৰাম প্রসাদ বণিক্যৰ। সোমবাৰে নিশাই তেওঁৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।