কাজিৰঙা, ডিব্ৰু-চৈখোৱা, ওৰাং, মানস আৰু নামেৰিক লৈ অসমত আছিল পাঁচখন ৰাষ্ট্ৰীয় উদ্যান। পিছে আজিৰে পৰা এই সংখ্যা বৃদ্ধি পালে ছয়খনলৈ।
আজি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিষয়ে সকলোকে অৱগত কৰে।লগতে দিহিং পাটকাই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদানৰ বাবে যাৱতীয় কাম-কাজ ইতিমধ্যেই আৰম্ভ কৰা হৈছে বুলি টুইটযোগে জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
একেটা টুইটৰ জৰিয়তেই ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ’ক আজিৰে পৰা ‘বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ’ হিচাপে নতুনকৈ নামকৰণৰ কথাও সদৰী কৰে তেওঁ।
বন বিভাগৰ সূত্ৰ অনুসৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ৪২২ বৰ্গ কিল’মিটাৰ মাটিকালিযুক্ত ৰিপু সংৰক্ষিত বনাঞ্চলখনক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ বাবে কৰণীয় আনুষ্ঠানিকতাখিনি পূৰ কৰিবলৈ এক প্ৰস্তাৱ ইতিমধ্যেই দাখিল কৰা হৈছে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ হাতত।