বলিউডৰ আগশাৰী অভিনেতাবোৰৰ ভিতৰত এগৰাকী অন্যতম তাৰকা অভিনেতা আছিল সুশান্ত সিং ৰাজপুত। তেওঁৰ জন্ম হৈছিল ১৯৮৬ চনৰ ২১ জানুৱাৰীত, বিহাৰৰ পুনিয়া জিলাৰ মালদিহা নামৰ গাঁৱৰ এটা মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালত। সুশান্তৰ পিতৃ আছিল কৃষ্ণ কুমাৰ সিং। সুশান্তৰ শৈশৱ আৰু শিক্ষাৰ আৰম্ভণি পাটনাত হৈছিল। পিছত, তেওঁ পৰিয়ালৰ সৈতে দিল্লীলৈ আহে আৰু ইয়াতেই “কুচাৰী হালচলা মডেল স্কুল” ৰ পৰা শিক্ষা গ্ৰহণ কৰে।
পঢ়াৰ লগতে সুশান্তে “শ্যামক দাৱৰ দাঞ্চ একাডেমী” নামৰ নৃত্য বিদ্যালয়খনত নামভৰ্তি কৰে। সুশান্তক অষ্ট্ৰেলিয়াত অনুষ্ঠিত “কমনৱেলথ গেমচ”ত নৃত্য পৰিবেশন কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল।
নৃত্য বিদ্যালয়ত নৃত্য শিকাৰ লগে লগে সুশান্তৰ অভিনয়তো মন বহিব ধৰিলে। তেওঁ থিয়েটাৰ কৰিবলৈ আৰম্ভ কৰিলে। সুশান্তৰ অভিনয় বৰ মনোৰম আছিল। থিয়েটাৰ কৰি থাকোতে বালাজি টেলী ফ্লিমচৰ ৱাস্তিং টিমৰ মেম্বৰ এগৰাকী ৰ চকু সুশান্তৰ ওপৰত পৰিল। তেওঁ সুশান্তৰ অভিনয় বৰ ভাল পালে। তেওঁ সুশান্তক “কিচ দেচ মে হে মেৰা দিল” শীৰ্ষক ধাৰাবাহিকত সহায়কাৰী অভিনেতা পদ এটাত অভিনয় কৰিবলৈ সুযোগ দিলে।
“কিচ দেচ মে হে মেৰা দিল” শীৰ্ষক ধাৰাবাহিক খনত সুশান্তৰ অভিনয়ত মুগ্ধ হৈ একতা কাপুৰে, সুশান্তক তেওঁৰ ধাৰাবাহিক “পবিত্ৰ ৰিস্তা” ত মুখ্য অভিনেতা পদত অভিনয় কৰিবলৈ সুযোগ দিলে।
তাৰ পিছত সুশান্তে, আমেৰিকালৈ গৈ ছবি নিৰ্মাতাৰ প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিলে। প্ৰশিক্ষণ শেষ হোৱাৰ আগতেই সুশান্তলৈ “কাই পোচে” ছবিখনৰ বাবে অফাৰ আহিলে। ইয়াৰ পিছতে, যশৰাজ বেনাৰৰ ছবি “শুদ্ধ দেশী ৰোমাঞ্চ” ছবিখনৰ বাবে সুশান্তে সুযোগ লাভ কৰিলে। তেওঁৰ তৃতীয় খন ছবি “পি. কে.” ২০১৪ চনত মুক্তি লাভ কৰিছিল।
সুশান্ত সিং ৰাজপুতৰ জীৱনৰ সকলোতকৈ ডাঙৰ আৰু বিশেষ ছবি “এম.এছ. ধোনী” ২০১৬ চনত মুক্তি লাভ কৰিছিল। ২০১৮ চনত সুশান্তৰ “কেদাৰ নাথ” ছবিখন শুভ মুক্তি লাভ কৰি, মানুহৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ ভাৱে মুক্তি লাভ কৰা তথা শেষ ছবি খন আছিল “দিল বেচাৰা”।
২০২০ চনৰ ১৪ জুন তাৰিখে সকলোকে কন্দুৱাই এই বিশাল বলিউডৰ অভিনয়ৰ জগতখন এৰি থৈ, সুশান্তে আত্মহত্যা কৰে। কিন্তু, এতিয়া লৈ তেওঁৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
আজি তেখেতৰ মৃত্যু দিৱস, আজিৰ দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।