• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা

কেৱল অভাৰলোড ট্ৰাকৰ পৰাই সংগ্ৰহ ৮.৯১ কোটি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 5, 2022
in সংবাদ, অসম, গুৱাহাটী, ৰাজনীতি
1 min read
0
৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন ভংগকাৰী বাহনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে। আনকি নববৰ্ষক আদৰাৰ নামত যাতে ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাতো এটাও সুৰাপানকেন্দ্ৰীক দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেও মহানগৰ আৰক্ষীৰ সহযোগত ডিচেম্বৰ মাহত দিনে নিশাই অভিযান চলোৱা হৈছিল। যাৰফলত সৌভাগ্যক্ৰমে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গুৱাহাটীত নববর্ষক আদৰাৰ নামত এটাও পথ দুৰ্ঘটনা সংঘটিত নহল। আনহাতে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বৰে পৰা কাৰ্যালয়ৰ প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে অভাৰলোড বা নিৰ্ধাৰিত বহন ক্ষমতাতকৈ অধিক ওজন সৰবৰাহ কৰা, যাত্ৰীবাহী বাহনত অধিক যাত্ৰী নিয়া বাহনৰ বিৰুদ্ধেও ধাৰাবাহিকভাবে অভিযান চলাই আহিছে। চলিত ২০২১ -২২ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে ৯ মাহত কার্যালয়ে চলোৱা অভিযানত যান বাহন আইন ভংগ কৰা ১৬,৩৮৬ টা ঘটনা ধৰা পেলাই ইয়াৰ বিপৰীতে ১৪ কৌটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে। ই ৰাজ্যৰ ভিতৰতে এক অভিলেখ বুলি বিবেচিত হৈছে । ইয়াৰ ভিতৰত কেৱল অভাৰলোড ট্ৰাকৰ বিৰুদ্ধে ৩,৩০০ টা ঘটনা ধৰা পেলাই তাৰ বিপৰীতে ৮.৯১ কৌটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হয়। আনকি সমগ্ৰ ৰাজ্যৰ ৩৪ খন জিলাৰ ভিতৰত প্ৰায় ৩০ শতাংশ অভাৰলোড ট্ৰাক কেৱল কামৰূপ মহানগৰ জিলাত ধৰা পেলোৱা হয়। আনহাতে বিগত ২০২০ -২১ বৰ্ষত অৰ্থাৎ ১২ মাহত জিলাখনত যান বাহন আইন ভংগৰ ঘটনা ধৰা পেলোৱা হৈছিল ৪,০৫৭ টা আৰু ইয়াৰ বিপৰীতে ৭.৪৭ কৌটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছিল। অবশ্যে জৰিমনা সংগ্ৰহ কৰাটোৱে বিভাগৰ মূল লক্ষ্য নহয়। বিশেষকৈ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সকলোৱে “পথ সুৰক্ষা, জীৱন ৰক্ষা”ৰ নীতি, পথ সুৰক্ষাৰ পঞ্চসূত্ৰ সকলোৱে মানি চলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে চালক সকলে ৰাজপথত বাহন চলাই তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে । আনহাতে আগন্তক মাঘ মাহৰ আগতে পে ইণ্ডিয়া কেবৰ ফালৰ পৰা গুৱাহাটীত দুৰ্ঘটনা সংঘটিত হলে তৎকালে যাতে দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰীক প্ৰেৰণ কৰিব পাৰি তাৰ বাবে দুখন বাহনৰ ব্যৱস্থা কৰা হব। তাৰ বাবে নিৰ্দিষ্ট এপত খবৰ দিয়াৰ পাছতে বাহন গৈ ঘটনাস্থলীত উপস্থিত হব। একে সময়তে গুৱাহাটীত যাত্ৰীৰ অধিকাৰ যাতে অক্ষুন্ন থাকে তাৰ বাবে পে ইণ্ডিয়াৰ উপৰি অলা আৰু উবেৰ কেবকো সময়ে সময়ে মণিটৰিং কৰি থকা হৈছে বুলি জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৯ মাহৰ তুলনাত এইবেলি ৯ মাহত ৩০২ শতাংশতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে ।

Previous Post

বৰঝাৰ বিমানবন্দৰত ২৪ ঘন্টাই উপলব্ধ হ’ব যাত্ৰী সুৰক্ষা সেৱা

Next Post

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা; কেইবাজনো আহত

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ’ল কামৰূপ মহানগৰ জিলাত

নতুনকৈ ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি হ'ল কামৰূপ মহানগৰ জিলাত

চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

চাৰিদিন ধৰি চৰকাৰী কাৰ্যালয়ত উপস্থিত নাথাকিব বহু কৰ্মচাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8