দেশত ক’ৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে।যাৰ ফলত অক্সিজেনৰ নাটনি হৈ বহু লোক মৃত্যু মুখত পৰিছে।
অক্সিজেনৰ নাটনি দূৰ কৰিবলৈ আজি অসম মেডিকেল কলেজ হাস্পতালত ৰোগীৰ বাবে ২টাকৈ অক্সিজেন প্লাণ্ট মুকলি কৰা হয়।
অসমত যাতে ক’ৰোনা আক্রান্ত হৈ মৃত্যুমুখত পৰিবলগীয়া নহয়।
তাৰ বাবে অসম মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই সম্পূৰ্ণ নিজাববীয়াকৈ স্থাপন কৰিলে ২টা অক্সিজেন উৎপাদন প্ৰকল্প।
অসম মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে অক্সিজেন উৎপাদন প্ৰকল্প ২টা মুকলি কৰি জনাই যে আজিৰে পৰা আনুষ্ঠানিকভাবে এই প্ৰকল্প ২টা ৰোগীৰ বাবে মুকলি কৰা হ’ল।
লগতে এই প্ৰকল্প দুটাই দৈনিক ২০০টাকৈ বৃহৎ অক্সিজেন ছিলিণ্ডাৰ উৎপাদন কৰিব।
আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগীৰ বাবে প্ৰত্যক্ষভাৱে পাইপ লাইনেৰে প্ৰকল্প দুটাৰ পৰা অক্সিজেন দিয়াৰ ব্যৱস্থা কৰিব পাৰিব।
Photo Credit: Twitter