মহাৰাষ্ট্ৰৰ নাছিকত এক কৰুণ ঘটনা সংঘটিত হয়।
তাত এখন হাস্পতালত অক্সিজেন লীক হৈছিল, ইয়াৰ পিছতে অক্সিজেনৰ সৰবৰাহ বন্ধ কৰি দিয়া হৈছিল।
এই ঘটনাৰ পিছতে ভেণ্টিলেটৰত থকা ২২ গৰাকী ৰোগীয়ে মৃত্যুৰ সৈতে যুঁজি যুঁজি জীৱন যুদ্ধত হাৰ মানি লয়।
ঘটনাটোৰ বিষয়ে জানিবলৈ পায় প্ৰশাসনে তদন্তৰ আদেশ প্ৰদান কৰে।
জানিবলৈ দিয়া অনুসৰি, নাছিকৰ জাকিৰ হুছেইন হাস্পতালত বাল্ব খোলা থকাৰ বাবে অক্সিজেন লীক হৈছিল।
অক্সিজেন নিৰ্গত হোৱা বন্ধ কৰিবলৈ হাস্পতালত অক্সিজেনৰ সৰবৰাহ বন্ধ কৰি দিয়া হৈছিল।
সেই সময়ত হাস্পতালখনৰ ভেণ্টিলেটৰত আছিল ২৩ গৰাকী ৰোগী।
ৰোগীকেইজনে অক্সিজেন পোৱা নাছিল। ইয়াৰ পিছতে ২২ গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱায়।
উল্লেখ্য উদ্ধৱ ঠাকৰে চৰকাৰে এই দুৰ্ঘটনাৰ তদন্তৰ আদেশ প্ৰদান কৰে।
লগতে মৃতকৰ পৰিয়ালক ৫-৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেই ক’লে যে, টেংকাৰত বাল্বত কিছু বিজুতি ঘটিছিল, যাৰ বাবে অক্সিজেন যথেষ্ট লীক হৈছিল।
এই ঘটনাটোৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত আমি প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিম।
Photo: ANI