আজি ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় আহি পালে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা অক্সিজেন উৎপাদনকাৰী প্লাণ্ট।
২০০ খন বিছনাযুক্ত চিকিৎসালয় খনৰ বাবে লাগতিয়াল অক্সিজেন প্ৰস্তুত কৰিব পৰাকৈ সক্ষম এই প্লাণ্ট। এই প্লাণ্টে প্ৰতি মিনিটত ২০০ লিটাৰ পৰিমাণৰ তৰল অক্সিজেন প্ৰস্তুত কৰিব পাৰে।
উল্লেখ্য যে বিগত সময়ত দেশৰ অইন প্ৰান্তৰ লগতে কোকৰাঝাৰতো ক’ভিড মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে। এনে প্ৰেক্ষাপটত কোকৰাঝাৰবাসীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ বাবেও নিসন্দেহে আজি আহি পোৱা এই অক্সিজেন প্লাণ্টে আশাৰ খবৰ কঢ়িয়াব।