নতুন দিল্লীৰ লোকসভা সচিবালয়ৰ নিৰ্দেশ ক্ৰমে জি-২০ সংসদীয় অধ্যক্ষ সমাৰোহৰ অংশ হিচাপে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত পি -২০ যুৱ সমাৰোহ অনুষ্ঠিত হয় । উক্ত সমাৰোহ উদ্ধোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যতি সন্দিকৈয়ে যুৱ সমাজক উদ্দেশ্যি দেশৰ হকে কাম কৰি ৰাষ্ট্ৰনিৰ্মাণ, জলবায়ু পৰিবৰ্তনকে ধৰি ভাৰত নিৰ্মাণত নৱ প্ৰজন্মক আগবাঢ়ি আহবলৈ আহ্বান জনায়। এই যুৱ সমাৰোহত উপস্থিত থাকে বিজ্ঞান বিভাগৰ ডীন, অধ্যাপক ডঃ যোগেন চন্দ্ৰ কলিতা, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, প্ৰযুক্তি বিভাগৰ ডীন, অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মা, বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি উপস্থিত থাকে। বিচাৰক হিচাপে উপস্থিত থাকে ড০ ৰূপালী দেৱবৰ্মা, ড০ ভাৰতী ভৰালী, আৰু ড০ মানসজ্যোতি নাথ। পাঁচটা বিষয় ক্ৰমে – (1.Role of Democracy in Nation Building;
2.Contribution of Youth in Combating Climate Change;
3.Challenges Faced in Transitioning to Renewable Energy;
4.Accelerating the Shift to Sustainable Development;
5.Ensuring Gender Equity and Strengthening Women’s Rights) অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ বক্তা হিচাপে নিৰ্বাচিত হয় – ববিতা পাল, সমীৰণ বৰা, মৃদুষ্মিতা বৰুৱা, নম্ৰতা কুমাৰী, ইভান বৰুৱা, ভাস্কৰ জ্যোতি পৰাশৰ, জুলি মেধি, অশ্বিনী কুমাৰ শৰ্মা, আফছানা ৰহমান আৰু নৈমিষা শইকীয়া।