পৰ্যটকৰ বাবে এটা খৰ্গযুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ আজিৰে পৰা আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়া হ’ব। পবিতৰা অভয়াৰণ্যৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী-বিধায়কৰ লগতে কেইবাজনো বন বিভাগৰ উচ্চ পদস্থ বিষয়া। ইতিমধ্য পবিতৰাৰ হাডুক ওলোমা সেঁতু আৰু ডাক বাংলাৰ আশে পাশে চুন, তেল ঘহি ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে অভয়াৰণ্যখনক।
উল্লেখ্য যে পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই যোৱা ২০২০-২১ বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে ৩৫,৭৬,৩ ০০ টকা। ইয়াৰ উপৰিও ২০২১-২২ পৰ্যটন বৰ্ষত ৪৭,৮৪,৭৭৫ টকা সংগ্ৰহ কৰিছে।