১৯৪৭ চনৰ পৰা সমাজৰ নামত সকলো ত্যাগ কৰি আশ্ৰমবাসিনী হৈ পৰা এগৰাকী মহিলা শকুন্তলা চৌধাৰী। গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভৰ যৌৱন বয়সতে সকলো ত্যাগ কৰি সমাজৰ নামত নিজকে উচৰ্গা কৰিছিল শকুন্তলা চৌধাৰীয়ে। অক্লান্ত সেৱিকা, বয়সৰ হিচাব,কৰ্মৰ হিচাব, সেৱাৰ হিচাব একোকে নগণি মাথোঁ নিস্বাৰ্থ মনোভাৱেৰে সুদীৰ্ঘ এশ বছৰ অক্লান্ত, নিৰৱচ্ছিন্নভাৱে সেৱাৰ কাম কৰি গৈছে নাৰীৰ বাবে, তেওঁৱেই হৈছে শকুন্তলা চৌধাৰী।
দেওবাৰে নিশা ইহলীলা সম্বৰণ কৰা পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ মৃত্যুক শোকাস্তব্ধ ৰাজ্যবাসী। সমাজত গান্ধীবাদী আদৰ্শৰ বীজ ৰোপন কৰাত যথেষ্ট অৱদান আছে চৌধাৰীৰ। উলুৱাৰীস্থিত কস্তুৰৱা আশ্ৰমতে শেষ নিশ্বাস ত্যাগ কৰে সমাজ সেৱিকা গৰাকীয়ে। আশ্ৰমৰ বাসিন্দা সকলে নিশা শকুন্তলা চৌধাৰীৰ মৃতদেহৰ ওচৰত নাম কীৰ্তন কৰিয়েই কটায়।
আজি নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হ’ব শকুন্তলা চৌধাৰীৰ। সমাজ সেৱিকা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ কস্তুৰৱা আশ্ৰমত উপস্থিত হয় বহু গুণমুদ্ধ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আশ্ৰমত উপস্থিত হৈ চৌধাৰীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি কয় যে ৰাজ্য়িক মৰ্যদাৰে হ’ব শকুন্তলা চৌধাৰীৰ শেষকৃত্য সম্পন্ন।
কেইবাদশকো ধৰি সমাজৰ বাবে কাম কৰি যোৱা শকুন্তলা চৌধাৰীয়ে লাভ কৰিছে বিভিন্ন সন্মান। চলিত বৰ্ষৰ জানুৱাৰী মাহত দেশৰ চতুৰ্থ সৰ্বোচ্ছ অসামৰিক সন্মান পদ্মশ্ৰীৰে বিভূষিত হৈছিল। শকুন্তলা চৌধাৰীৰ সমাজৰ প্ৰতি থকা অৱদান সদায় অতুলনীয় হৈ ৰ’ব।