উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ ন্যাৰ্য প্ৰাপ্তিৰ হকে মাত মাতি অহা অন্যতম ট্ৰেড ইউনিয়ন ‘NFR এম্পলইজ ইউনিয়ন’ৰ উদ্যোগত ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অহা ৮ ছেপ্টেম্বৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখত বাকৰিত ছাত্ৰ – ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকণ আৰু শিল্পী গৰাকীৰ গীতৰ আধাৰত প্ৰাইজমানি মুকলি গানৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গানৰ প্ৰতিযোগিতাত প্ৰতিযোগী সকলে অসমীয়া, হিন্দী আৰু বাংলা যিকোনো এটা ভাষাত সমিতিয়ে নিৰ্বাচিত কৰি দিয়া গান পৰিবেশন কৰিব পাৰিব। ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ কোষৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে গানৰ প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীক ক্ৰমে – ২০ হাজাৰ, ১৫ হাজাৰ আৰু ১০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হব। তেনেদৰে দুটা শাখাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া চিত্ৰাংকণ প্ৰতিযোগিতাৰ ক- শাখাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু খ – ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব । প্ৰতিযোগী সকলৰ বাবে সময় এক ঘণ্টা ত্ৰিশ মিনিট নিৰ্ধাৰণ কৰা হৈছে।
প্ৰতিযোগীসকলক কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰ্ট পেপাৰ যোগান ধৰা হ’ব। প্ৰতিযোগীসকলে সকলো মাধ্যমৰ ৰং ব্যৱহাৰ কৰিব পাৰিব। চিত্ৰাংকনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰতিযোগী সকলে নিজাববীয়াকৈ আনিব লাগিব। প্ৰতিযোগিতাৰ ক শাখাৰ প্ৰথম, দ্বিতীয়,, আৰু তৃতীয় বিজয়ীক ক্ৰমে – তিনি হাজাৰ, দুই হাজাৰ আৰু এক হাজাৰ টকাৰ লগতে মানপত্ৰ – বঁটা প্ৰদান কৰা হব। তেনেদৰে খ – শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীক ক্ৰমে – পাঁচ হাজাৰ, তিনি হাজাৰ আৰু দুই হাজাৰ টকাৰ লগতে মানপত্ৰ – বঁটা প্ৰদান কৰা হব। আগ্ৰহী প্ৰতিযোগী সকলে ৭ ছেপ্টেম্বৰৰ পূৰ্বে ৮৮১১০-৭৩৪১৮ অথবা ৯৯৫৭৫-৯৮৫৮৭ নম্বৰৰ সৈতে যোগাযোগ কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব।