পাকিস্তানৰ কোয়েটা চহৰত হঠাৎ হোৱা বিস্ফোৰণৰ ফলত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
এই বিস্ফোৰণত ৪জন লোকে প্ৰাণ হেৰুৱাই আৰু প্ৰায় ১১ জন লোক গুৰুতৰভাৱে আহত হয়।
জানিবলৈ দিয়া অনুসৰি, বেলুচিস্তানৰ ৰাজধানী কোয়েটাত বুধবাৰে নিশা ১১ বজাত হোটেলৰ পাৰ্কিঙত ৰৈ থকা এখন গাড়ীত বিস্ফোৰণ হয়।
জানিবলৈ দিয়া অনুসৰি যিখন হোটেলত এই বিস্ফোৰণ হয়, সেই হোটেলখনতে চীনৰ এগৰাকী বিষয়া আছিল।
ইফালে, বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে আশে-পাশে থকা এলেকা কঁপি উঠিছিল।
চহৰখনৰ কেইবাটাও স্থানত আৰক্ষীৰ বল নিয়োজিত
তথ্য অনুসৰি, বিস্ফোৰণৰ পিছত ঘটনাস্থলীত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে আহতসকলক ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায়
আৰু মৃত লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে ঘটনাটোৰ পিছতে চহৰখনৰ কেইবাটাও স্থানত আৰক্ষীৰ বৃহৎ দল নিয়োজিত কৰা হয়।
পাকিস্তানী বাতৰি কাকতৰ অনুসৰি, ঘটনাটো সংঘটিত হোৱাৰ সময়ত পাৰ্কিংস্থলীত বহু লোক উপস্থিত আছিল।
এইসকল লোক হোটেলৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল।
জানিবলৈ দিয়া অনুসৰি, ইয়াত কেইবাজনো বিদেশী নাগৰিকো অন্তৰ্ভুক্ত আছিল।
ইফালে, আৰক্ষীয়ে ক’লে যে, আহতৰ অৱস্থা যথেষ্ট সংকটজনক।
তেওঁলোকৰ অৱস্থা দেখি এইটো অনুমান কৰিব পাৰি যে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা।
আৰক্ষীয়ে ক’লে যে, এই বিস্ফোৰণত আশে-পাশে থকা ৭খন গাড়ী ক্ষতিগ্ৰস্ত হয়।
ঘটনাটোৰ তদন্ত অব্যাহত।
শীঘ্ৰে জানিবলৈ পোৱা যাব যে ইয়াৰ আঁৰত প্ৰকৃত উদ্দেশ্য কি আছিল।
Photo: Google