অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰাজিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সম্বৰ্ধনৰ লক্ষ্যৰে অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙৰ বিষ্ণুপুৰত স্বাধীনতাৰ পাছতে প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই এইবেলি মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিছে। ইফালে বিগত বৰ্ষৰ দৰে এইবেলিও ১৬ জুন পহিলা আহাৰৰ দিনা কেন্দ্ৰৰ নামঘৰত জগতৰ শান্তি আৰু কল্যাণৰ অৰ্থে দিনজোৰা নাম – কীৰ্তনৰে পালনামভাগ অনুষ্ঠিত হৈ যায়।
চাৰি শতাধিক ভকতৰ অংশগ্ৰহণৰে পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈকে অনুষ্ঠিত হোৱা পালনাম পৰিচালনা কৰে বৰপেটা সত্ৰৰ পৰা অহা এটা ১০ জনীয়া ভকতৰ দলে। উদোক্ত্যা সকলৰ হৈ কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি শোণিত কুমাৰ ফুকন, সাধাৰণ সম্পাদক হৰেন্দ্ৰ তালুকদাৰ আৰু সহকাৰী সম্পাদক বিজু ফুকন, নামঘৰ শাখা সমিতিৰ সভাপতি জ্যোতি মজুমদাৰ, সম্পাদক কেশৱ চন্দ্ৰ শইকীয়া আৰু সহকাৰী সম্পাদক টিকেন্দ্ৰজিত তালুকদাৰে এটা যৌথ বিবৃতিত জানিবলৈ দিয়া মতে সন্ধিয়াৰ ভাগত থিয়নাম প্ৰদৰ্শন কৰা হয়। তেনেদৰে কেন্দ্ৰৰ উদ্যোগত স্থানীয় আৰু আমন্ত্ৰিত ন – পুৰণি সকলোকে আপ্যায়িত কৰা হয় ।