ৰাজ্যত আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।
নিৰ্বাচনৰ এই ভোটগ্ৰহণৰ মাজতে এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গ’ল ।
ভোটদান কৰি পলাশবাৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীৰ সেৱা লৈ একেলগে উঠিলে ফটো।
ৰাজনৈতিক শত্ৰুতা থকা স্বত্বেও এজনৰ প্ৰতি আনজনৰ সন্মান দেখি আনন্দিত হৈছে,
সমষ্টিবাসীৰ লগতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম জনতা পৰিষদৰ সমৰ্থক সকল।
এইবাৰ পলাশবাৰী সমষ্টিত কোন গৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব সেইটো নিৰ্ধাৰণ কৰিব ভোটাৰ সকলে
যদিও প্ৰাৰ্থী দুগৰাকীৰ এজনে আনজনৰ প্ৰতি কৰা মৰম আৰু শ্রদ্ধা দেখি আনন্দত উৎফুল্লিত হৈছে সমষ্টিবাসী ।