ONGCৰ কৰ্মচাৰীক অপহৰণ কৰা প্ৰসংগত মাত মাতিলে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।
বৃহস্পতিবাৰে জি পি সিঙে স্পষ্টভাৱে কৈছিল যে, ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া আলফাৰ জিম্মাত আছে।
আলফাক আহ্বানো জনাইছিল যে, অসমীয়া হিচাপে ৰিতুল শইকীয়াক মুকলি কৰি দিয়ক।
কিন্তু এতিয়া আলফা আৰু সেনা-আৰক্ষীৰ মাজত চলিছে বোকা ছটিওৱা খেল।
আচলতে কাৰ জিম্মাত আছে অপহৃত কৰ্মচাৰীজন?
এফালে আলফাই দোষ দিছে সেনা-আৰক্ষীক, আনফালে আৰক্ষীয়ে দোষ জাপি দি আছে আলফাৰ ওপৰত। অপহৃত কৰ্মচাৰীজনক লৈ এতিয়া মাত মাতিবলৈ বাধ্য হ’ল পৰেশ বৰুৱা।
পৰেশ বৰুৱাই কোৱা অনুসৰি, লাকুৱা তৈল ক্ষেত্ৰৰ পৰা ONGCৰ তিনিজন কৰ্মচাৰীক অপহৰণ কৰা কাণ্ডত সংযুক্ত মুক্তি বাহিনী অসম(স্বা) অৰ্থাৎ আলফা জড়িত থকাৰ কথা গম পোৱাৰ পিছৰে পৰা অসম আৰক্ষী আৰু সেনাবাহিনীয়ে তীব্ৰ অভিযান চলাইছিল ।
অ’এনজিচিৰ কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ, চিপিএফ-১২৮৮৩৩ (জুনিয়ৰ টেকনিচিয়ান, প্ৰডাকচন), ৰিতুল শইকিয়া, চিপিএফ–১৩২৩৪৬৬ (জুনিয়ৰ টেকনিচিয়ান, প্ৰডাকচন), অলকেশ শইকীয়া, চিপিএফ – ১৩৭৯৯৫, (জুনিয়ৰ ইঞ্জিনিয়াৰিং এচিষ্টেণ্ট, প্ৰডাকচন) তিনিজনৰ দুজনক আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কিন্তু ৰিতুল শইকীয়াৰ সন্ধান এতিয়ালৈ উলিয়াব পৰা নাই ।
ৰিতুল শইকীয়াৰ প্ৰসংগত পৰেশ বৰুৱাই কয় যে, ONGCৰ কৰ্মী ৰিতুল শইকীয়া আমাৰ জিম্মাত নাই।
অসম আৰক্ষী আৰু সেনাই জানে ৰিতুল ক’ত আছে ।
তিনিওজন অসমীয়াকে আমি ভাল ব্যৱহাৰ কৰিছিলো যিহেতু আমিও অসমীয়া ।
গুলিয়াগুলীৰ পিছত আমাৰ দায়িত্ব নাই,আমি গম নাপাওঁ তেওঁ ক’ত আছে ।
সেনাই অভিযান সামৰা বুলি গম পালেই আমি ৰিতুলৰ সন্ধান কৰিম, আমি অ’এনজিচিৰ কৰ্মচাৰী বুলি লৈ আহিছিলো কিন্তু অসমীয়া বুলি পাছতহে গম পাইছো।
ৰিতুলৰ দায়িত্ব সেনা বাহিনী আৰু অসম আৰক্ষীৰ,স্বয়ং মুখ্যমন্ত্ৰীয়েও এই দাবী কৰিছে ।
কিছুমান সাংবাদিক আছে যিবোৰে এনআৰচিৰ নামত লুটি পুতি টকা খালে, ভাওনাৰ দৰে বচন বুলিলেই সকলো সমাধান নহয় ।
আমি তেওঁলোকক সকিয়াই দিছো,দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিম ।”
Photo: Google