দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে আৰু এই ভাইৰাছৰ ক্ষেত্ৰত বলিউদেও সকাহ পোৱা নাই।
বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱল আক্রান্ত হৈছে ক’ৰোনা ভাইৰাছত৷
শুকুৰবাৰে এই কথা জানিব দিয়ে অভিনেতা জনে।
উল্লেখ্য যে অভিনেতা পৰেশ ৰাৱলে চলিত মাহৰ ৯ মাৰ্চ তাৰিখে ক’ৰোনাৰ প্ৰথমটো প্ৰতিষেধক লৈছিল, প্ৰতিষেধক লোৱাৰ পিছতো পুনৰবাৰ আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত।
লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে সতৰ্ক হবলৈ আহ্বান জনাইছে অভিনেতাগৰাকীয়ে।
তেওঁ টুইটযোগে জনাইছে যে,দুৰ্ভাগ্যবশতঃ ,মই ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছো।
Unfortunately, I have tested positive for COVID-19. All those that have come in contact with me in the last 10 days are requested to please get themselves tested.
— Paresh Rawal (@SirPareshRawal) March 26, 2021
এই সময়ছোৱাত বিগত ১০ দিনৰ ভিতৰত যিসকলে মোৰ সংস্পৰ্শলৈ আহিছিল সকলোকে ক’ৰোনা পৰীক্ষা কৰিবলৈ আহ্বান জনালো।
Photo Cradit: Google