গুৱাহাটীস্থিত সামাজিক উদ্যোগ আৰু নাগৰিক সমাজৰ সংগঠন, GAMOF ( Green and Active Mobility Forum)-ৰ উদ্যোগত Let’s Go Involved নামৰ এক কৰ্মশালাৰ আয়োজন কৰিছে, য’ত চহৰখনৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ তেওঁলোকে গুৱাহাটীৰ নাগৰিকসকলক আমন্ত্রণ জনাইছে।
Let’s Get Involved (কৰ্মশালা)ৰ ১ম সংস্কৰণত অংশগ্ৰহণ কৰি ২০৩০ চনৰ ভিতৰত গুৱাহাটীক এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰে কর্মশালাত অংশগ্রহণ কৰিবলৈ https://forms.gle/maбaUZalipNhU9f27 লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে GAMOF এ। মাত্র ৩০ জনৰ বাবেআসন আছে। (অংশগ্ৰহণকাৰীসকল ১৬ বছৰৰ ওপৰৰ যিকোনো পেছাৰ হ’ব পাৰে। পঞ্জীয়ন মাচুল ৩৯৯/- টাকা। আগতীয়াকৈ পঞ্জীয়নৰ বাবে ৰেহাইৰ পৰিমাণ ২৯৯/- টকা (২০২২ চনৰ ২২ অক্টোবৰলৈকে)। মাচুলটো ৰিফেছমেণ্ট, অংশগ্ৰহণকাৰী কিট আৰু এক্টিভিটি মেটেৰিয়েলৰ বাবে। অধিক বিৱৰণ GAMOF Green and Active Mobility Forum ৰ ৱেবছাইট বা ছ’চিয়েল মিডিয়া পেজত পোৱা যাব ।
সংস্থাটোৱে নির্দিষ্ট বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি যথা সময়ত এনে একাধিক কৰ্মশালাৰ আয়োজন কৰাৰ মনস্থ কৰিছে। প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা বিশ্ব নগৰ দিৱস উপলক্ষে অহা ৩০ অক্টোবৰ ২০২২ তাৰিখে ১ম সংস্কৰণৰ কৰ্মশালাৰ আয়োজন কৰিছে।