কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে দিছপুৰৰ কেইবাটাও স্থান ‘সুৰক্ষিত অঞ্চল’ হিচাপে ঘোষণা কৰিছে।
শনিবাৰে এই কথা ঘোষণা কৰি জিলা প্ৰশাসনে অঞ্চলসমূহত অচিনাক্ত ব্যক্তিৰ প্ৰৱেশত বাধা আৰোপ কৰিছে।
অঞ্চলৰ আৱাসী আৰু চৰকাৰী কৰ্মচাৰীসকলহে প্ৰৱেশ কৰিব পাৰিব এই অঞ্চলসমূহত।
গনেশগুৰি উৰণীয়া সেতুৰ পৰা চুপাৰ মাৰ্কেট পুলিচ পইণ্টলৈ জি এচ ৰোডৰ দক্ষিণ অংশ, চুপাৰ মাৰ্কেট পুলিচ পইণ্টৰ পৰা লাষ্ট গেট, লাষ্ট গেটৰ পৰা অসম লাইব্ৰেৰী এচচিয়েচনৰ প্ৰৱেশ পথলৈ আৰু গনেশ মন্দিৰৰ পৰা গনেশগুৰি চাৰিআলিলৈকে এই অঞ্চলসমূহ ‘সুৰক্ষিত অঞ্চল’ হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।
কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে এই ক্ষেত্ৰত জাৰি কৰিছে কিছু নিৰ্দেশনা।
অঞ্চলৰ আৱাসী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাদে ‘সুৰক্ষিত অঞ্চল’ ত প্ৰৱেশ কৰিবলৈ অন্য ব্যক্তিয়ে ল’ব লাগিব জিলা দণ্ডাধীশৰ অনুমতি।
দণ্ডাধীশ অথবা আৰক্ষী আয়ুক্তই নিয়োগ কৰা বিষয়াৰ অনুমতি লৈহে প্ৰৱেশ কৰিব পাৰিব এই অঞ্চলত ।
উল্লেখ্য, নিৰ্দেশনা অমান্য কৰা ব্যক্তিক উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে প্ৰশাসনে ।