গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰেলৱে ষ্টেচনত ৰেলৱে সুৰক্ষা বাহিনী(RPF) ৰ কৰ্তব্যৰত বিষয়া – জোৱানৰ তৎপৰতাত ৰবিবাৰে সন্ধিয়া এজন যাত্ৰীয়ে মূল্যবান সামগ্ৰীসহ এটা বেগ ঘুৰাই পাবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ মতে হোজাই জিলাৰ হোজাই চাপৰি গাঁৱৰ শিবু দাস নামৰ এজন যাত্ৰীয়ে গুৱাহাটী ৰেলৱে ষ্টেচনত হোজাইলৈ বুলি যাবলৈ ভুলতে গুৱাহাটী – মেন্দিপথাৰ পেছেঞ্জাৰখনত মূল্যবান সামগ্ৰীসহ নিজৰ বেগটো থৈ প্লেটফৰ্মত পাইচাৰি কৰি আছিল। কিন্তু নিৰ্ধাৰিত ৪ বজাত ৰেলখন কামাখ্যা – গোৱালপাৰা ৰেলপথেৰে মেন্দিপথাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে। ৰেলখনৰ যাত্ৰা আৰম্ভ হোৱাত সম্বিত ঘুৰাই পোৱা শিবু দাসে গুৱাহাটী ৰেলৱে ষ্টেচনত থকা RPFক বিষয়তো অৱগত কৰে।
গুৱাহাটী ৰেলৱে ষ্টেচনৰ RPFৰ ফালৰ পৰা লগে লগে ৰঙিয়া ৰেল সংমণ্ডলত থকা নিয়ন্ত্ৰক কক্ষৰ জৰিয়তে দক্ষিণ পাৰৰ আজাৰা আৰু আন ৰেলৱে ষ্টেচনত এই সন্দৰ্ভত জনোৱা হয়। আনহাতে ৰেলখন বিয়লি ৪.৫০ বজাত আজাৰা ৰেল ষ্টেচন আহি পোৱাৰ সময়ত RPFৰ উপ পৰিদৰ্শক দীনেশ কুমাৰ শৰ্মাৰ নেতৃত্বত এটা জোৱানৰ দলে ৰেলখনত তালাচী চলাই বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সন্ধিয়া আজাৰা ৰেলৱে ষ্টেচনত শিবু দাস উপস্থিত হৈ RPFৰ পৰা বেগখন চমজি লয়। শিবু দাসে তেওঁৰ বেগটো উদ্ধাৰ কৰাত তৎপৰতা দেখুওৱা বাবে RPFৰ দলটোক ভূয়সী প্ৰশংসা কৰে।