গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত যাত্ৰীৰ সুৰক্ষা আৰু আৰামদায়ক যাত্ৰাৰ প্ৰতি অধিক গুৰুত্ব দি আহিছে বিমানকোঠটো পৰিচালনা কৰি অহা কৰ্তৃপক্ষই। ১০ অক্টোবৰত ধীৰেণ ডেকা নামৰ বাহিৰৰ পৰা বিমানৰে অহা এজন যাত্ৰীয়ে বিমানকোঠৰ পৰা নিজ ঘৰলৈ ৰাওনা হোৱৰ সময়ত অজানিতে সৰহ পৰিমানৰ নগদ টকাসহ পেন কাৰ্ড, আধাৰ কাৰ্ড, এ টি এম কাৰ্ডকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰ পেলাই থৈ যায়।
কিন্ত জি আই এ এলৰ মানৱ বড়ো নামৰ এজন নিষ্ঠাবান সুৰক্ষা কৰ্মীয়ে উক্ত টকা আৰু নথিপত্ৰ ততালিকে ‘হেৰুৱা আৰু ঘূৰাই পোৱা’ বিভাগত জমা কৰি দিয়ে। সেই নথিপত্ৰৰ পৰা ধীৰেণ ডেকাৰ যোগাযোগৰ নম্বৰ সংগ্ৰহ কৰি বিমানকোঠ কতৃপক্ষৰ দায়িত্ববাহী বিষয়াই তেওঁক সম্পূৰ্ণভাৱে ঘূৰাই দিয়ে বুলি বিমানকোঠৰ মুখপাত্ৰই জানিবলৈ দিয়ে।