বৰ্তমান ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
ঠিক সেইদৰে দিল্লীতো চলিছে ক’ৰোনা মহামাৰীৰ তাণ্ডৱ ।
সেয়েহে দিল্লী বিমানবন্দৰত সিদ্ধান্ত গ্ৰহণ কৰিছে যে,
যিসকল যাত্ৰী আন ক’ৰোনা সংক্ৰমণ হোৱা দেশ বা ৰাজ্যৰ পৰা দিল্লী বিমানবন্দৰলৈ আহিব তেওঁলোকৰ বাবে ক’ৰোনাৰ ৰেণ্ডম টেষ্ট কৰাটো বাধ্যতামূলক হ’ব ।
সংক্ৰমণ হোৱা ব্যক্তিক অতি শীঘ্ৰে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিব বুলি জানিব দিছে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই।
লগতে সকলো যাত্রীৰ বাবে সামাজিক দূৰত্ব মানি চলিবলৈ আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে দিল্লী বিমানবন্দৰ।
Photo Credit: Google