বিভিন্ন সময়ত দেশত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহত বেমেজালি হোৱা দেখা যায়। ইয়াৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে ন্যায় বিচাৰি আৱেদনো দাখিল কৰা দেখা যায়। এনেধৰণৰ এক ঘটনা বৰ্তমান পোহৰলৈ আহিছে। জানিব পৰা মতে, মধ্যপ্ৰদেশৰ এজন ছাত্ৰই উচ্চতৰ মাধ্যমিক পৰীক্ষাত মাত্ৰ ১ নম্বৰ বৃদ্ধি কৰাৰ বাবে মধ্য প্ৰদেশত ব’ৰ্ডৰ লগত তিনি বছৰ পৰ্যন্ত আদালতত যুঁজে আৰু প্ৰায় ৩ বছৰ পাছত সফলতা লাভ কৰে।
জানিব পৰা মতে সাগৰ জিলাৰ বাসিন্দা শান্তনু হেমন্ত শুক্লাই ২০১৮ চনক উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তেওঁ ৭৪.৮ শতাংশ নম্বৰ লাভ কৰিছিল।কিন্তু শান্তনুয়ে ইয়াতকৈ বেছি নম্বৰ পোৱাৰ আশা কৰিছিল। তদুপৰি ৭৫ শতাংশ নম্বৰ লাভ নকৰাৰ বাবে তেওঁ মেধাৱী যোজনাৰ লাভালাভ পোৱা নাছিল। ইয়াৰ পাছতে শান্তনুৱে নম্বৰ পুনৰ পৰীক্ষা কৰাৰ বাবে আৱেদন কৰে যদিও কোনো ফলাফল নাপালে। ইমানতো হাৰ নামানি ছাত্ৰজনে আদালতত আৱেদন দাখিল কৰে আৰু এই আৱেদন সন্দৰ্ভত আদালতত প্ৰায় ৩ বছৰত ৪৪ বাৰ শুনানি হয়।
অন্যহাতে গোচৰৰ বাবদ শান্তনুৰ ১৫ হাজাৰ টকাও খৰচ হয়। অৱশেষত ৩ বছৰ পাছত আদালতে শান্তনুৰ পক্ষত ৰায়দান কৰে আৰু ১-২ নহয় ২৮ নম্বৰ বৃদ্ধি কৰিবলৈ ব’ৰ্ডক আদেশ দিয়ে। ইয়াৰ সহায়ত শান্তনুয়ে লাভ কৰে ৮৪.৪ শতাংশ। অৱশেষত ৩ বছৰ পাছত শান্তনুৱে ন্যায় লাভ কৰিলে।