সতী সাধনী বা সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল। আজি সতী সাধনী দিৱস। দেশপ্ৰেম,আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীক আজি ৰাজ্যবাসীয়ে সশ্ৰদ্ধ স্মৰণ কৰিছে।প্ৰকৃতাৰ্থত, সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম সতী সাধনী। সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল।অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল।
সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়। ৰজাই সকলো আৱশ্যকীয় শিক্ষা দি সাধনীক পাৰ্গত কৰি তুলিছিল। সেয়ে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰিলে। কিন্তু ৰজাই সাধনীৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে, যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব।
ৰজাই পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলোচনা কৰি কম দিনৰ ভিতৰতে সয়ম্বৰৰ দিন ঘোষণা কৰিলে। ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতায়ে কেৰ্কেটুৱাটো বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে। পুত্ৰ সৰু হৈ থকাত নাবালক পুত্ৰ সাধকনাৰায়ণৰো দায়িত্ব দি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰে। ৰাজ সিংহাসনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয়। নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে।আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য-সামন্তই পিছ হুঁহুকি চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লয়। আহোম ৰজাই তাতো আক্ৰমণ চলাই যদিও ব্যৰ্থ হয়।ৰাণী সাধনীয়ে আৰু নাৰী সৈন্যই লগত ধনু, কাঁড়, যাঠিলৈ শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক ভেঁটা দিবলৈ চেষ্টা কৰে।
আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ চেষ্টা চলায় কিন্তু সাধনীৰ নেতত্বত চুতীয়া নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। উল্লেখযোগ্য যে, সাধনীৰ সেই নাৰী বাহিনীয়েই আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী৷ নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়াসকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। তেওঁলোকে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। আহোমসকলে চুতীয়া সকলক বলে নোৱাৰি আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। এইবাৰ নীতিপালক আহোমসকলে হত্যা কৰিলে। সাধনীক কুবেৰৰ সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনালে। সাধনীক ৰাজৰাণীও পতা হ’ব বুলি কোৱা হ’ল।
তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। এইগৰাকীয়ে মহান নাৰীয়ে ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগ তাৰিখে আত্ম বলিদান দিয়ে । তেতিয়াৰে পৰা ৭ ব’হাগত সতী সাধনীক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনাই আহিছে সকলোৱে। অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক সতী সাধনীৰ মৃত্যু দিৱসত মহীয়সী নাৰীগৰাকীক হেডলাইন ৮ ৰ তৰফৰ পৰা জনালো গভীৰ শ্ৰদ্ধাঞ্জলি।