আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে ৰঙৰ উৎসৱ হোলী। আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে ৰাজ্য। হোলী গীতৰ সুৰে গুঞ্জৰিত কৰিছে আকাশ-বতাহ।
- আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল যাত্ৰাও হব। বৰপেটা সত্ৰ, বটদ্ৰৱা আদি সকলোতে উলহ-মালহেৰে পালন কৰা হৈছে হোলী।
ৰঙৰ উৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যৱাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ টুইটাৰত লিখিছে যে ”ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত। দৌলযাত্ৰা কৰে মহোৎসৱ সিবেলাত।। অসমবাসীলৈ ৰঙৰ উৎসৱ ফাঁকুৱা আৰু দৌলোৎসৱৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ ফাঁকুগুড়িৰ ৰঙে আমাৰ মনবোৰ ৰঙীন কৰি তোলাৰ লগতে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশাৰ ৰেঙনি, অনাবিল সুখ-শান্তি আৰু ভাতৃত্ববোধৰ বতৰা”।