দুৰ্বল শ্ৰেণীৰ লোকক অলপ সহায় আগবঢ়োৱাৰ উদ্দেশ্য লৈ সদৌ অসম একত্ৰিত যুৱ ছাত্ৰ পৰিষদে ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক এলানী ধাৰাবাহিক জনকল্যাণমূলক কাৰ্যসূচী হাতত লৈছে।
সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত উক্ত কাৰ্যসূচী মৰ্মে ২২ মাৰ্চত সাহাৰ্য বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। পলাশবাৰী ৰাজহ চক্ৰৰ আমৰাঙ্গা–বৰিহাট ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰাংগনত অনুষ্ঠিত এই কাৰ্যসূচীত কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত টিনপাত, বিচনাপত্ৰ, ৰেচনপাতিকে ধৰি বিভিন্ন সাহাৰ্য বিতৰণ কৰে। লগতে বহু কেইজন চিকিৎসাধীন ব্যক্তিৰ ঔষধ–পাতিৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে। অচিৰেই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ–ছাত্ৰীসকলৰ বাবে বিনামূলীয়া নিৱাসৰ ব্যৱস্থাও গ্ৰহণ কৰিব বুলি সংগঠনৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।
আজি কেইবাবছৰ ধৰি সংগঠনটোৱে সমগ্ৰ ৰাজ্যখনৰ কিছু সংখ্যক দৰিদ্ৰলোকৰ মাজত সাহাৰ্য বিতৰণ কৰি আহিছে বুলি সংগঠনটোৰ সভাপতি বিদ্যুৎ কলিতাই প্ৰকাশ কৰিছে। লগতে এই সাহাৰ্য কাৰ্যসূচীৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলিও ব্যক্ত কৰে। আজিৰ অনুষ্ঠানটোত সভাপতি বিদ্যুৎ কলিতাৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।