শুকুৰবাৰে ৰাইজৰ দলে ছিপাঝাৰৰ উচ্ছেদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ। ৰাইজৰ দলে ছিপাঝাৰ উচ্ছেদ অবৈধ আৰু অমানৱীয় বুলি মত পোষণ কৰে।
ছিপাঝাৰৰ হিংসাত্মক ঘটনাসন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি ৰাইজৰ দলৰ সদস্যসকলে গৰুখুটিৰ লোকসকলৰ বাবে বিকল্প নিষ্পত্তিৰ দাবী জনায়।
দলটোৱে দাবী কৰে যে,”প্ৰশাসনে গৰুখুটিৰ এই দৰিদ্ৰ লোকসকলৰ বাবে বিকল্প বসতি প্ৰদান নকৰাকৈ উচ্ছেদ চলাইছে। আৰক্ষী কৰ্তৃপক্ষ আৰু চৰকাৰে জনসাধাৰণৰ গণতান্ত্ৰিক আন্দোলন বলপূৰ্বকভাৱে বন্ধ কৰি ভূমিহীন লোকসকলক গুলীয়াই হত্যা কৰিছে।”
লগতে দলটোৱে গৰুখুটি অঞ্চলত বাস কৰা লোকসকল বিদেশী নহয় বুলি দাবী কৰে ।
ৰাজনৈতিক দলটোৱে ভূমিহীন লোকসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাক তীব্ৰ গৰিহণা দিছে আৰু গৰুখুটিৰ নাগৰিকসকলক গুলীয়াই হত্যা কৰাৰ বাবে বিষয়াসকলক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ দাবী জনাইছে।
ৰাইজৰ দলে কয় যে “মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাবলৈ ব্যৰ্থ হৈছে। তেওঁ ভূমিহীন লোকসকলক অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী বুলি নামাকৰণ কৰিবলৈ চেষ্টা কৰিছে।”