আজি পুৱাৰে পৰা মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞ। যজ্ঞত অংশগ্ৰহণ কৰিছে বহু সংখ্যক লোকে। এই যজ্ঞ দেশ তথা ৰাজ্যত চলা প্ৰাকৃতিক তাণ্ডৱৰ পৰা উদ্ধাৰ কৰিবলৈ বা কোনো অপায়-অমংগল নাশ কৰিবলৈ পতা নাই।এই যজ্ঞ চলিছে দুজন জনপ্ৰতিনিধিৰ সুমতি অহাৰ কামনাৰে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ প্ৰতিচ্ছবি আঁৰি খোল তাল বজাই ৰাইজে আয়োজন কৰিলে এই বিশেষ যজ্ঞ।
যোৰহাট লোকসভা সভা সমষ্টিৰ অন্তৰ্গত মৰিয়নিৰ চেলেং মাজনৈ চাহ বাগিচাত চলিছে এই পূজা বা যজ্ঞ। বাগিচাখনৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ বাবে মন্ত্ৰী, বিধায়ক তথা সাংসদক আৱেদন নিবেদন কৰি ভাগৰি পৰা ৰাইজে অৱশেষত গ্ৰহণ কৰিলে এনে পন্থা। চেলেং মাজনৈ চাহ বাগিছাৰ মুল পথ আৰু উপ পথ সমূহ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাত বাগিছা খনৰ ৰাইজে যাতনা ভূগ কৰি আহিছে। পথৰ দুৰৱস্থাৰ বাবে কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰে বাগিচাখনত। জৰুৰীকালীন অৱস্থাত প্ৰসুতি বা ৰোগীক বাগিচাখনৰ ৰাইজে চাঙি কৰি বা ডাংকোলা কৰি নিব লাগে। কিছুদিন পূৰ্বে জৰাজীৰ্ণ পথৰ বাবে বাগিচাখনলৈ ১০৮ সেৱাৰ এম্বুলেন্স নোযোৱা বাবে বিৰু পানতাঁতী নামৰ এজন ২৮ বছৰীয়া যুৱকে কৰুণ মৃত্যুক সাৱতি ল’ব লগা হৈছিল। মৃত্যু হোৱা যুৱকজনৰ পিতৃয়ে পুত্ৰৰ প্ৰতিচ্ছবি হাতত লৈ প্ৰতিবাদ স্থলীত উপস্থিত থাকি তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে।
বিধায়ক ৰূপজ্যোতি কুৰ্মীক পুত্ৰৰ আদ্যশ্ৰাদ্ধলৈ নিমন্ত্ৰণ জনাইছিল যদিও আহিবলৈ সৎসাহস নকৰিলে বুলি উল্লেখ কৰে পাৰ্থ পানতাঁতী নামৰ লোকজনে। আনহাতে পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিনে ভূগি অহা যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ বাগিচাখনৰ ৰাইজে অৱশেষত যজ্ঞ পাতি চৰকাৰ তথা সাংসদ,মন্ত্ৰী, বিধায়কৰ সুমতি অহাৰ কামনাৰে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।