ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ে গুৱাহাটী মহানগৰীৰ মাজেৰে থকা দুইলেনযুক্ত ৰেললাইনটোৰ বোজা কম কৰিবৰ বাবে শেহতীয়াকৈ দীপৰ বিলৰ সমীপৰ পৰা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গুৱাহাটীৰ কাষৰীয়া সোণাপুৰৰ তেতেলীয়ালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ আৰ্হিত এটা নতুন ৰেল লাইন নিৰ্মাণ কৰাৰ বাবে প্ৰাৰম্ভিক কাম – কাজ আৰম্ভ কৰাক কেন্দ্ৰ কৰি দীপৰ বিলৰ দক্ষিণ পাৰত থকা গাঁও সমূহৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি ৰেল মন্ত্ৰণালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বিগত কেইটামান দিনত দীপৰ বিলৰ কাষৰীয়া চকৰদৌ অঞ্চলত কেবাখনো ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। ইফালে এই প্ৰস্তাৱিত নতুন ৰেলপথৰ তীব্ৰ বিৰোধিতা কৰি অঞ্চলটোৰ ৰাইজে কিছুদিন পূৰ্বে মিলিত হৈ “মিকিৰপাৰা চকৰদৌ দীপৰ বিল গণ সুৰক্ষা সমিতি” নামৰ এখন সমিতি গঠন কৰিছে। ইফালে কালি সন্ধিয়া দীপৰ বিলৰ গাতে লগা মিকিৰপাৰাস্থিত মৃত্তিকা এথেনিক ফুড নামৰ ধাবাখনৰ বাকৰিত সমিতিৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত ভাগ লৈ কৰ্মকৰ্তা সকলে কোনো কাৰণতে ৰেল লাইন নিৰ্মাণৰ নামত কোনো থলুৱা লোকক উচ্ছেদ কিম্বা গৃহহীন কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে। সমিতিৰ সভাপতি ভূপেন ইংতিয়ে পৰিচালনা কৰা সংবাদ মেলখনৰ আঁত ধৰে সম্পাদক প্ৰমোদ ৰংপীয়ে। সংবাদ মেলত সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ কলিতা, উপদেষ্টা হৰেন দাস, মহেশ্বৰ ৰংপী, অখিল ৰংপী, ভৰত ৰাভা, সহকাৰী সম্পাদক গৌতম ৱে আৰু সীমান্ত ৰংপী আদিয়ে কোনো কাৰণতে থলুৱা ভূমিপুত্ৰক উচ্ছেদ কৰি চৰকাৰক ৰেল লাইন নিৰ্মাণ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিছে।
কামৰূপ মহানগৰ জিলাৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু দীপৰ বিলৰ কাষৰীয়া চকৰদৌৰ কলিতাপাৰা, মিকিৰপাৰা, দেউছটাল, পামহী আদি অঞ্চলৰ ৰাইজে ১৯৮৯ চনত দীপৰ বিলৰ দাঁতিয়েদি আজাৰা – কামাখ্যা সংযোগী ৰেল লাইন নিৰ্মাণ কৰাৰ সময়ত বহুতৰে মাটি – ভেটি এৰিবলগীয়া হৈছিল। আনকি দীপৰ বিললৈ বনৰীয়া হাতীৰ অহা – যোৱা সূচল কৰিবৰ বাবে নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিডৰৰ বাবে ২০২৩ চনত চলোৱা জৰীপত প্ৰায় আঠোটা পৰিয়াল ক্ৰমে – ফাগুনী বড়ো, পদেশ্বৰ দাস, পুতুলী কলিতা, বিজয় ইংতি, মাণিক ইংতি , প্ৰদীপ কলিতা, নয়ন ইংতি আৰু বিউতি ইংতিৰ ঘৰৰ মাটি, ভেটি উছন হব। শেহতীয়াকৈ আজাৰা ৰেল ষ্টেছনৰ পৰা কিছু নিলগত চকৰদৌৰ পৰা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নতুন ৰেলপথ নির্মাণৰ বাবে জৰীপ আৰম্ভ কৰি ৰেলৰ চিহ্নযুক্ত পীলাৰ বহুওৱা কাম আৰম্ভ কৰাৰ বাসিন্দা সকল শংকিত হৈ পৰিছে। সেই ৰেললাইনটো নিৰ্মাণ কৰিব লগা হলে অঞ্চলটোৰ মিকিৰপাৰা, চকৰদৌ , বৰিপাৰা, কলিতাপাৰা, মাজপাৰা, নেপালীপাৰা আদিৰ ৪০ ৰ পৰা ৫০ শতাংশ বাসিন্দাই পুনৰ ভেটি মাটি হেৰুৱাবলগীয়া হব। সহজ অৰ্থত দীপৰ বিলৰ দাঁতিয়েদি ৰেললাইন নিৰ্মাণ বা সম্প্ৰসাৰণ কৰাৰ নামত আগন্তুক দিন সমূহত বাসিন্দা সকলে ভেটি মাটি হেৰুৱাই থাকিব লাগিব। পূর্বেতে দীপৰ বিলৰ দাঁতিয়েদি ৰেলপথ নিৰ্মাণ কৰাৰ পাছত বিলখনৰ জৈৱ বৈচিত্ৰ্যত লৈর আঘাট কৰা বাবে বিষয়টেত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত বিষয়টো বিচাৰাধীন হৈ আছিল।
ইফালে জৰীপ কাম আৰম্ভ হোৱাৰ পাছত বৃহত্তৰ দীপৰ বিলৰ কাষৰীয়া অঞ্চল সমূহৰ কেবাটাও ৰাজহুৱা অনুষ্ঠান – প্ৰতিষ্ঠান ক্ৰমে – মিকিৰপাৰা চকৰদৌ দীপৰ বিল সুৰক্ষা সমিতি , মিকিৰপাৰা চকৰদৌ ৰাইজ গয়ৰহ , নবজ্যোতি সংঘ, দেউছটালৰ ফালৰ পৰা প্ৰস্তাৱিত নতুন ৰেললাইন নিৰ্মাণৰ বিৰোধিতা কৰি পৃথকে পৃথকে অঞ্চলটোৰ ৰাইজৰ স্বাক্ষৰযুক্ত স্মাৰক পত্ৰ ২৮ আগষ্টত ভাৰত চৰকাৰৰ ৰেলৱে বৰ্ডৰ মূখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক, অসম চৰকাৰৰ মুখ্য সচিব, ৰাজহ বিভাগৰ প্ৰধান সচিব আৰু কামৰূপ জিলাৰ জিলা আয়ুক্তলৈ ইমেইল যোগে প্ৰেৰণ কৰিছিল। অঞ্চলটোৰ ৰাইজে ১৯৮৯ চনৰ পৰা ৰেললাইন নিৰ্মাণ কৰাৰ নামত ২০২৩ চনলৈকে তিনিবানকৈ ভূমি প্রদান কৰিছে। পুনৰ চৰকাৰক ৰেললাইন নিৰ্মাণ কৰাৰ নামত ভূমি দি থাকিলে বহু পৰিয়াল চিৰদিনৰ বাবে ভূমিহীন হৈ পৰিব। ইফালে গুৱাহাটীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি অহা বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে বিশ্ববিখ্যাত ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে অৰণ্য ধ্বংস কৰি ৰেললাইন নিৰ্মাণ কৰিলে কি পৰিস্থিতিৰ সৃষ্টি হব পাৰে সেয়া সহজে অনুমেয়। গতিকে এনে ধৰণৰ পাৰিপাৰ্শ্বিকভাৱে অতি স্পর্শকাতৰ এনে অঞ্চলৰ মাজেৰে অৰণ্য ধ্বংস কৰি নতুনকৈ ৰেললাইন নিৰ্মাণ কৰা কাৰ্যক স্থানীয় ৰাইজে কোনোপধ্যে মানি নলয়। এইক্ষেত্ৰত চৰকাৰে যদি নতুন ৰেললাইন নিৰ্মাণৰ সিদ্ধান্তটো বাতিল নকৰে তেন্তে আগন্তুক দিনত সমিতিয়ে ৰাইজক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি কৰ্মকৰ্তা সকলে হুংকাৰ দিয়ে। সমিতিয়ে চৰকাৰক সোনকালে বিষয়টো পুনৰ বিবেচনা কৰি খিলঞ্জীয়া বিৰোধী , প্রকৃতি ধ্বংসকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে।