বৃহস্পতিবাৰে কাৰামুক্ত হৈ ওলাই অহা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক শুকুৰবাৰে ৰাইজে অভূতপূৰ্ব আদৰণি জনায়। বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টিলৈ যোৱাৰ পৰত ঠায়ে ঠায়ে ৰখাই ৰাইজে তেওঁক আদৰে।
টোল গেট সমূহ বন্ধ কৰাক লৈ তেওঁ সংগ্ৰামী কণ্ঠেৰে যুজঁ দি যাব বুলি আজি ৰাইজক আশ্বাস দিয়ে।ৰাইজৰ এনে অভুতপূৰ্ব মৰমে উৎফুল্লিত কৰি তুলিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি অখিল গগৈয়ে কয়,”টোল গেট সমূহ বন্ধ কৰিবলৈ মই আহি আছো,গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে সমস্যাসমূহ সমাধান নহ’লে পুনৰ আন্দোলনৰ ৰাস্তাত ভৰি দিয়া হ’ব।অসমৰ ৰাস্তাত যদি অসমীয়াই ধন দি অহা-যোৱা কৰিব লাগে তেন্তে মই জীয়াই থকাৰ অৰ্থ নাই । অৰ্ধনির্মিত পথত কোনো কাৰণত টোল গেট মানি লোৱা নহ’ব।”
ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত অখিল গগৈয়ে কয়, উপ নিৰ্বাচনত তিনিটা সমষ্টিতেই প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাইজৰ দলে । এইক্ষেত্ৰত বিৰোধীক ঐক্যবদ্ধ হ’বলৈও আহ্বান জনায় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।