বিগত তিনি মাহৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ দামৰ কোনো সালসলনি হোৱা নাই। বৃহস্পতিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম অপৰিৱৰ্তিত ৰাখিলে আইঅ’চিয়ে। অপৰিশোধিত তেলৰ দাম বৃদ্ধিৰ পিছতো দেশৰ বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম স্থিৰ হৈ আছে। ধাৰণা কৰা হৈছে যে সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন থকাৰ বাবেই তেলৰ দাম বৃদ্ধি কৰা হোৱা নাই।
দীপাৱলীৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইন্ধনৰ ওপৰত আবকাৰী শুল্ক ৰেহাই দিয়া হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১০ৰ পৰা ১৭ টকা পৰ্যন্ত তেলৰ দাম কমিছিল ।
কিন্তু এই সময়ছোৱাত আন্তৰ্জাতিক বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দামৰ উত্থান–পতন অব্যাহত আছে। খাৰুৱা তেলৰ দাম ৬৯ৰ পৰা ৮৫ ডলাৰ প্ৰতি বেৰেল দামৰ ভিতৰত চলিছে। পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিদিনে চৰকাৰী তেল কোম্পানীসমূহে নিৰ্ধাৰণ কৰে। নতুনকৈ জাৰি কৰা দাম অনুসৰি, দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৫.৪১ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৮৬.৬৭ টকা।
দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম : দিল্লী – পেট্ৰ’ল ৯৫.৪১ টকা, ডিজেল ৮৬.৬৭ টকা., মুম্বাই – পেট্ৰ’ল ১০৯.৯৮ টকা, ডিজেল ৯৪.১৪ টকা, চেন্নাই – পেট্ৰ’ল ১০১.৪০ টকা, ডিজেল ৯১.৪৩ টকা, কলকাতা – পেট্ৰ’ল ১০৪.৬৭ টকা, ডিজেল ৮৯.৭৯ টকা, লক্ষ্ণৌ – পেট্ৰ’ল ৯৫.২৮ টকা, ডিজেল ৮৬.৮০ টকা, গুৱাহাটী – পেট্ৰ’ল ৯৫.২৭ টকা, ডিজেল ৮১.৮১ টকা।