বুধবাৰে সমাজবাদী পাৰ্টিৰ সাংসদ বিশম্ভৰ প্ৰসাদ নিশাদৰ এটা প্ৰশ্নই ৰাজ্যসভাৰ মহল গহীন কৰি তোলে ৷
কেন্দীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ৰাইজৰ পক্ষত থিয় হৈ সাংসদ বিশম্ভৰে প্ৰশ্ন কৰে যে ৰামৰ দেশত পেট্ৰ’লৰ মূল্য কেতিয়া হ্ৰাস হ’ব ?
সাংসদ বিশম্ভৰে ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এনেদৰে উভতি ধৰি কয় যে সীতাৰ ঘৰ নেপালত আৰু ৰাৱণৰ দেশ লংকাত পেট্ৰ’লৰ মূল্য কম… আমাৰ ৰাম ৰাজ্যত কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য বেছি ৷
ৰামায়ণৰ উল্লেখ্যৰে কৰা এই প্ৰশ্নক কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত অতি তীক্ষ্ণতাৰে প্ৰত্যুত্তৰ দিয়ে যদিও জনতাৰ স্বাৰ্থত তথা হিত বাবে শাসকগোষ্ঠী কৰা এনে ধৰণৰ প্ৰশ্নই সমাজ তথা দেশৰ উন্নতি সাধনত সহায় হয় ৷
উল্লেখ্য, বিৰোধী দল যিমানে শক্তিশালী তথা সক্ৰিয় হয় তেতিয়া জনতাৰ বাবে অধিক লাভজনক হয় ৷