সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দিনক দিনে বৃদ্ধি হৈ গৈ আছে।
ইয়াৰ মাজতে আজিও বৃদ্ধি হ’ল মূল্য। দিল্লীত পেট্ৰ’লত ৩৯ পইচা বৃদ্ধি হৈ প্ৰতিলিটাৰত হ’ল ৯০.৫০ টকা।
আনহাতে প্ৰতিলিটাৰ ডিজেলত ৩৭ পইচাকৈ বৃদ্ধি হৈ হ’ল ৮০.৯৭ টকা।
পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ আজি ১২ দিন আৰু চলিত মাহত এয়া ১৪ বাৰকৈ বৃদ্ধি হ’ল।
দেশৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৭ টকা হৈছেগৈ।
মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৭ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৮৮.০৬ টকা হৈছেগৈ।
অন্য চহৰতো পেট্ৰ’ল-ডিজেলৰ মূল্যই প্ৰতিদিনে ৰেকৰ্ড ভংগ কৰি আছে।
চহৰ পেট্ৰ’ল ডিজেল
দিল্লী ৯০.৫৮ ৮০.৯৭
চেন্নাই ৯২.৫৯ ৮৫.৯৮
নয়দা ৯১.৪৪ ৮১.৪১
মুম্বাই ৯৭.০০ ৮৮.০৬
কলকাতা ৯৫.৩৩ ৮৪.৫৬
গুৱাহাটী ৮৭.২৯ ৮১.৪৯
দেশত মূল্যবৃদ্ধিয়ে আকাশ স্পৰ্শ কৰিছে, সেয়া পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই হওক বা গেছ বা অন্য সামগ্ৰীয়ে হওক, ধাৰাবাহিকভাৱে হোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ পকেটত প্ৰভাৱ পেলাইছে।
Photo: Google