শুকুৰবাৰৰ পৰা বাৰণসীত আৰম্ভ হৈছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দুদিনীয়া কাৰ্যসূচী।
এই ভ্ৰমণ কালছোৱাতে তেওঁ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ ক্ষেত্ৰত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত কয় যে ঠাণ্ডাৰ কাৰণে বাঢ়িছে গেছৰ দাম।
ঠাণ্ডা যেতিয়া কমিব দামো কম হৈ যাব।
শুকুৰবাৰে বাৰণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে গেছৰ মূল্য বৃদ্ধি হোৱাক লৈ ক’লে যে ঠাণ্ডাৰ কাৰণে বাঢ়িছে গেছৰ মূল্য।
যেতিয়াই বতৰ সলনি হ’ব দামো হ্ৰাস পাব।
এয়া আন্তঃৰাষ্ট্ৰীয় প্ৰসংগ, যেতিয়াই ঠাণ্ডা কমি যাব, গেছৰ দামো হ্ৰাস হ’ব। বৰ্তমান চাহিদা বেছি।
ডিজেল-পেট্ৰ’লক লৈ কোনো উত্তৰ নিদিলে
ইফালে ডিজেল-পেট্ৰ’লৰ মূল্যবৃদ্ধি লৈ সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কোনোধৰণৰ উত্তৰ নিদিলে।
উল্লেখ্য ধৰ্মেন্দ্ৰ প্ৰধানে শুকুৰবাৰে বিশ্বনাথ মন্দিৰ, কাল ভৈৰৱ মন্দিৰত দৰ্শন কৰি মিৰ্জাপুৰলৈ ৰাওনা হ’ব আৰু বিন্ধিয়াবাসিনী দেৱী মন্দিৰ প্ৰাৰ্থনা জনাব।
সন্ধিয়া কাশীত উপস্থিত গৈ গংগৰা আৰতিত অংশগ্ৰহণ কৰিব।
Photo: Google