• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পি এফ আইৰ কাম-কাজে অসমৰ প্রতি আনিছে ভাবুকি

নিউজ ডেস্ক by নিউজ ডেস্ক
September 28, 2021
in News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
1 min read
0
পি এফ আইৰ কাম-কাজে অসমৰ প্রতি আনিছে ভাবুকি
Share on FacebookShare on Twitter

পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ সাম্প্রতিক কাম-কাজে অসমৰ বাবে ভাবুকি অনা বাবে খোদ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় চৰকাৰক এই সংগঠনটোক নিষিদ্ধ কৰিবৰ বাবে আহ্বান জনাবলগীয়া পৰিস্থিতি হৈছে৷ শেহতীয়াকৈ ছিপাঝাৰৰ ধলপুৰ গৰুখুঁটিত প্রশাসনে চলোৱা উচেছদৰ সময়ত হোৱা ৰক্তাক্ত পৰিস্থিতিৰ আঁৰত এই সংগঠনটো থকাৰ কথা চোৰাংচোৱাৰ প্রতিবেদনত প্রকাশ পাইছে৷ আনহাতে ‘কা’আন্দোলনৰ সময়তো এই সংগঠনটোৱে অসম ৰক্তাক্ত কৰাৰ বাবে ভয়াৱহ চক্রান্ত কৰাৰ তথ্য তেতিয়া পোহৰলৈ আহিছিল৷ তাৰ পূর্বে পি এফ আয়ে অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত অনুপ্রৱেশকাৰীক ভাৰতীয় প্রতিপন্ন কৰিবৰ বাবে কাম কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ লক্ষণীয় যে ২০০৬ চনত কেৰালাত জন্মলাভ কৰা এই সংগঠনটোৱে সম্প্রতি দেশৰ ২৪ খন ৰাজ্যত শিপা মেলিবলৈ সক্ষম হৈছে৷

কিন্তু, সংখ্যালঘু জনতাৰ উন্নয়নৰ বাবে কাম কৰাৰ নাম লৈ দেশ-বিৰোধী কাম কৰাৰ অভিযোগত ইতিমধ্যে পি এফ আইক কেৰালা আৰু ঝাৰখণ্ড ৰাজ্যত নিষিদ্ধ কৰা হৈছে৷ অসমতো সময়ে সময়ে পৰিস্থিতি উত্তপ্ত কৰাৰ বাবে কাম কৰি থকাৰ একাধিক প্রমাণ পোহৰলৈ অহাৰ পাছত সম্প্রতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইয়াতো সংগঠনটোক নিষিদ্ধ কৰিবৰ বাবে কেন্দ্রৰ দ্বাৰস্থ হৈছে৷ উল্লেখযোগ্য যে, অসমত ২০১৬ চনৰ পৰা পি এফ আয়ে সক্রিয়ভৱে কাম কৰি আছে৷ কিন্তু, এই তিনি বছৰতে সংগঠনটোৱে নামনি অসম আৰু বৰাক উপত্যকাত অতি ক্ষিপ্রভাৱে নিজৰ সাংগঠনিক ভেটি সবল কৰিবলৈ সক্ষম হৈছে৷

বিশেষকৈ মুছলমান জনবসতি অধ্য়ুষিত এলেকাত পি এফ আইৰ ভেটি সবল কৰাৰ বাবে সংগঠনটোৰ কর্মীসকলে দিনে-নিশাই কাম কৰিছে৷ উল্লেখযোগ্য যে পি এফ আইৰ মুখ্য কার্যালয় নতুন দিল্লীত৷ দিল্লীৰ পৰা নিয়ন্ত্রণ কৰা এই সংগঠনটোৱে সম্প্রতি অসমৰ ২১খন জিলাত খোপনি পুতিবলৈ সক্ষম হৈছে৷

ৰাজ্যৰ চোৰাংচোৱা সংস্থাই চৰকাৰক দাখিল কৰা প্রতিবেদন অনুসৰি অসমৰ ২১খন জিলাত সম্প্রতি পি এফ আইৰ মুঠ ১৯ সহস্রাধিক কর্মকর্ সক্রিয় হৈ আছে৷ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা জিলাৰ উপৰি বৰাক উপত্যকাত পি এফ আইৰ সম্প্রতি সাংগঠনিক ভেটি সবাতোকৈ শক্তিশালী৷ উল্লেখযোগ্য যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত অসমত প্রথমবাৰৰ বাবে ৰাষ্ট্রবিৰোধী কামত লিপ্ত থকাৰ তথ্য পোহৰলৈ আহিছিল৷ এই সংগঠনটোৱেও ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত বাধা দিয়াৰ বাবে চক্রান্ত কৰাৰ তথ্যও চোৰাংচোৱাই লাভ কৰিছিল৷

প্রশাসনে তৎপৰতাৰে সেইবাৰ সংগঠনটোৰ চক্রান্ত ৰোধ কৰিবলৈ সক্ষম হয়৷ কিন্তু পি এফ আয়ে বিভিন্ন সংখ্যালঘু অধু্যষিত এলেকাত নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকৰ নাম নাগৰিকপঞ্জীত অন্তর্ভুক্ত কৰিবৰ বাবে বিভিন্ন প্রকাৰে সহায় কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰে৷ আনকি পি এফ আয়ে গোৱালপাৰা, বৰপেটা আৰু ধুবুৰী জিলাত সংখ্যালঘু অধু্যষিত এলেকাত মুকলিকৈ হেল্প ডেস্ক স্থাপন কৰিছিল৷ ইফালে ‘কা’ আন্দোলনৰ সময়ত হিংসাত্মক ঘটনাৰ আঁৰতো পি এফ আইৰ যথেষ্ট হাত থকাৰ তথ্য চোৰাংচোৱাই লাভ কৰে৷

তাৰেই পৰিপ্রেক্ষিতত গুৱাহাটীত থকা সংগঠনটোৰ ৰাজ্যিক মুখ্য কার্যালয়ত আৰক্ষীয়ে অভিযান চলাইছিল৷ নিজকে গণতান্ত্রিক সংগঠন বুলি দাবী কৰা এই সংগঠনটোৱে ‘কা’ আন্দোলনৰ সময়ত বিভিন্ন স্থানলৈ ফ’ন কৰি সাংকেতিক ভাষাৰে কথা পাতিছিল৷ তেতিয়াই সন্দেহৰ আৱর্তত সোমাই পৰা পি এফ আইৰ মুখ্য কার্যালয়ত আৰক্ষীয়ে অতর্কিত অভিযান চলোৱাৰ সময়ত এটা লেপটপকে ধৰি বিভিন্ন আপত্তিজনক নথি-পত্র জব্দ কৰিছিল৷

লেপটপটো ফৰেনছিক বিজ্ঞানীয়ে পৰীক্ষা কৰাৰ সময়তো বহু আপত্তিজনক তথ্য লাভ কৰিছিল৷ লক্ষণীয়ভাৱে আইনবিৰোধী কাম কৰাৰ বাবে ২০১৯ চনৰ ১৮ ডিচেম্বৰত আৰক্ষীয়ে পি এফ আইৰ ৰাজ্যিক সভাপতি আমিনুল হকক গ্রেপ্তাৰ কৰিছিল৷ ‘কা’ আন্দোলনত হিংসাত্মক কামত জড়িত থকাৰ স্পষ্ট প্রমাণ লাভ কৰাৰ পাছতে তেওঁক গ্রেপ্তাৰ কৰা হৈছিল৷ পি এফ আয়ে আমছুকে ধৰি ইত্তেহাদ ফ্রণ্ট, বি টি এ ডি সংখ্যালঘু ছাত্র সন্থা, অল ইণ্ডিয়া ইছলামিক কাউঞ্চিল আৰু কেম্পাছ ফ্রণ্ট অৱ ইণ্ডিয়া আদি বহুকেইটা সংগঠনৰ সৈতে মিলি অসমত কাম কৰি আছে৷

মৌলবাদী সংগঠনৰ সৈতে জড়িত থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ লক্ষণীয় যে ধলপুৰৰ গৰুখুঁটিত হোৱা ৰক্তাক্ত পৰিস্থিতিৰ বাবে আমছু, ইত্তেহাদ ফ্রণ্টৰ সৈতে লগ লাগি পি এফ আয়ে উচটনি দিয়াৰ তথ্য ইতিমধ্যে স্পষ্ট হৈছে৷ উচেছদ ৰোধ কৰাৰ নামত লাখ লাখ ধন আত্মসাৎ কৰিও যেতিয়া উচেছদ ৰোধ কৰিবলৈ সক্ষম নহ’ল, তেতিয়া ৰক্তাক্ত পৰিস্থিতিৰে বিষয়টো গাপ দিবৰ বাবে চেষ্টা কৰিছিল৷ কিন্তু গৰুখুঁটি-কাণ্ডৰ মূল অভিযুক্তসকলক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰি গ্রেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে৷

Tags: Anti-CAA protestCM Himanta Biswa SarmagorukhutiNRCPFI
Previous Post

অখিল গগৈৰ সংগ ত্যাগ ৭০ জাতীয় সংগঠনৰ

Next Post

১ নৱেম্বৰৰ পৰা অসমত শিথিল হোৱাৰ সম্ভাৱনা ক’ভিড নীতি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
১ নৱেম্বৰৰ পৰা অসমত শিথিল হোৱাৰ সম্ভাৱনা ক’ভিড নীতি

১ নৱেম্বৰৰ পৰা অসমত শিথিল হোৱাৰ সম্ভাৱনা ক'ভিড নীতি

বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ

বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ

অনলাইন নিয়োগ বিনিময় পঞ্জীয়ন প’ৰ্টেল মুকলি

অনলাইন নিয়োগ বিনিময় পঞ্জীয়ন প’ৰ্টেল মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8