তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক সোনজান গাঁওৰ দুজনকৈ যুৱকৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ কাকপথাৰ অঞ্চলটোত ৷
সোনজান গাঁওৰ অসীম মৰাণ(১৮) আৰু মুকুট মৰাণ(১৯) নামৰ ছাত্ৰ দুজনে লকডাউন চলি থকাৰ পৰিপেক্ষিতত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ কামৰ সন্ধানত বিগত প্ৰায় এটা মাহৰ আগেয়েই গৈছিল ৷
অৰুণাচল যাত্ৰাৰ পিছৰে পৰা ছাত্ৰ দুজনে পৰিয়ালৰ লগত কোনোধৰণৰ যোগাযোগ ৰখা নাছিল।এই লৈ পৰিয়াল দুটাই যথেষ্ট উদ্বিগ্নতাৰ মাজত সময় কটাইছিল।ইয়াৰ মাজতে শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত ছাত্ৰ দুজনে সামৰিক পোছাক পৰিধান কৰি হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো দেখিবলৈ পাই আচৰিত হৈ পৰিছে তেওঁলোক ৷
অৱশ্যে কেনেকৈ, কেতিয়া এনে সশস্ত্ৰ সংগঠনৰ সৈতে উভয়ে সংস্পৰ্শলৈ আহিল সেই সম্পৰ্কে পৰিয়ালৰ লোকসকল অৱগত নহয়।ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অসীম মৰাণৰ লগতে আধাতে পঢ়া সামৰা মুকুট মৰাণক পৰিয়ালৰ ওচৰলৈ পঠিয়াই দিবলৈ কান্দি কান্দি আহ্বান জনাইছে ছাত্ৰ দুগৰাকীৰ পিতৃ-মাতৃয়ে।
অৱশ্যে দুয়োৱে আলফা(স্বা)তে যোগদান কৰিলে নে অন্য কোনো অশুভ শক্তিৰ হাতত বন্দী হৈ এনে ফটো ভাইৰেল কৰিছে সেইয়া আৰক্ষীৰ অনুসন্ধানত হে পোহৰলৈ আহিব ৷ এইক্ষেত্ৰত সকলোৱে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্পষ্টীকৰণলৈ অপেক্ষা কৰিছে। যি নহওঁক ঘটনাক লৈ এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ কাকপথাৰ অঞ্চলত।